সাৱধান ! দেশত Tomato flu-ৰ প্ৰাদুৰ্ভাৱ

0
211

ভাৰতত প্ৰাদুৰ্ভাৱ হোৱা এটা নতুন ৰোগ সন্দৰ্ভত চিকিৎসকসকল চিন্তিত হৈ পৰিছে আৰু সতৰ্কতা জাৰি কৰিছে৷ নতুন ৰোগটো হ’ল টমেটো ফ্লু৷ হাত, ভৰি আৰু মুখত হোৱা এইটো এটা নতুন ধৰণৰ ৰোগ আৰু কেৰালা আৰু ওড়িষাত এই ৰোগ ধৰা পৰিছে৷ লেনচেট্‌ ৰেছপিৰেটৰি জাৰ্নালৰ মতে, টমেটো ফ্লু প্ৰথমতে ধৰা পৰে ৬ মে’ত কেৰালাৰ কোল্লামত আৰু এতিয়ালৈকে ৮২টা শিশু এই ৰোগত আক্ৰান্ত হৈছে৷ লেনচেটৰ প্ৰতিবেদনত কোৱা হৈছে যে আক্ৰান্ত হোৱা শিশুসকলৰ বয়স ৫ বছৰতকৈ কম৷ প্ৰতিবেদনত লেনচেটে কয় যে ক’ভিড-১৯ৰ সম্ভাব্য চতুৰ্থ ঢৌৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে টমেটো ফ্লু বা টমেটো ফিভাৰ নামৰ এটা নতুন ভাইৰাছে দেখা দিছে ভাৰতৰ কেৰালা ৰাজ্যত আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুসকল আক্ৰান্ত হৈছে৷ 
এই সংক্ৰামক ৰোগৰ কাৰণ ইণ্টেছটাইনেল ভাইৰাছ৷ সাধাৰণতে প্ৰাপ্তবয়স্ক লোক এই ৰোগত আক্ৰান্ত নহয়, কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি থাকে৷ ৰোগীৰ শৰীৰত দেখা দিয়া ৰঙা, বেদনাদায়ক জোলাৰ কাৰণে এই সংক্ৰমণক টমেটো ফ্লু বুলি নামকৰণ কৰা হয়৷ জোলাবোৰ ক্ৰমাৎ ডাঙৰ হৈ গৈ থাকে আৰু বিলাহী একোটাৰ সমান হয়৷ ৰোগৰ লক্ষণ প্ৰায় চিকুনগুনিয়াৰ নিচিনা জ্বৰ হয়, শৰীৰত বিষ হয়, গাঁঠিবোৰ ফুলে আৰু অৱসাদ হয়৷ 
কিছুমান ৰোগীৰ ওকালি আহে, ডায়েৰিয়া, জ্বৰ হয়, দেহত পানীৰ নাটনি [ডিহাইড্ৰেশ্যন] হয়৷ কেৰালাৰ আন তিনি ঠাইতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে৷ ওড়িষাতো ১-৯ বছৰ বয়সৰ ২৬টা শিশুৰ এই ৰোগ হোৱা বুলি ভুবনেশ্বৰত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰিছে৷ কেৰালা, ওড়িষা আৰু তামিলনাডুৰ বাদে ভাৰতৰ আন ৰাজ্যত এই ৰোগ হোৱা নাই৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ৰোগৰ চিকিৎসাৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই৷ তেওঁলোকে লগতে সকীয়াই দিয়ে যে টমেটো ফ্লু অতি বেছি সংক্ৰামক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here