সকলো লোকৰ বাবে খাদ্য সুনিশ্চিতকৰিবলৈ চৰকাৰক ন্যায়ালয়ৰ আহ্বান

0
254

বৰ্তমান কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে বিভিন্ন জনহিতকৰ আঁচনি ৰূপায়ণ কৰি আহিছে আৰু ইয়াৰ সুফল দেশৰ জনসাধাৰণে ভোগ কৰিছে৷ ইখন পাছত সিখন নতুন নতুন আঁচনিয়ে হিতাধিকাৰীৰ যথেষ্ট উপকাৰ সাধন কৰিছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো জনহিতকৰ আঁচনি থকা সত্ত্বেও দেশৰ বহু লোকে এতিয়াও নিৰন্নভাৱে অৰ্থাৎ খাদ্যৰ অভাৱত দিন নিয়াবলগীয়া হৈছে৷ এনে পৰিস্থিতিত উচ্ছতম ন্যায়ালয়ে দেশৰ সকলো লোকে খাদ্য পোৱাটো সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহবান জনাইছে৷ উচ্ছতম ন্যায়ালয়ে কয় যে কোনেও যাতে খালী পেটেৰে থাকিবলগীয়া নহয়, সেয়া চৰকাৰে নিশ্চিত কৰক৷ যোৱা দুটা দশক আগতে ক’ভিডকালীন সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ দুৰ্দশাক লৈ ৰুজু হোৱা এটা জনস্বাৰ্থ জড়িত গোচৰৰ শুনানিৰ  সময়ত ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ হিমা কোহলিৰ বিচাৰপীঠে দেশৰ খাদ্য নিৰাপত্তা আইনৰ অধীনত সকলো লোকৰে খাদ্য সুনিশ্চিত কৰিবলৈ দাবী জনাইিছল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here