উত্তৰ-পূবৰ ডায়েলাইছিছচিকিৎসাৰ ওপৰত পৰ্যালোচনা

0
676

অসম তথা উত্তৰ- পূৰ্বাঞ্চলত প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েলাইছিছ প্ৰগ্ৰেম সুকলমে চলিছে৷ অসমৰ ৩৩খন জিলাৰ ভিতৰত ৪খন জিলাতেই এই প্ৰগ্ৰেমৰ অধীনত ৰোগীক ডায়েলাইছিছৰ সুবিধা প্ৰদান কৰা হৈছে৷ উত্তৰ-পূবৰ ৬৪খন জিলাৰ ৭২টা স্থানত এতিয়ালৈ ৪০০টা ডায়েলাইছিছ কেন্দ্ৰ স্থাপন কৰা হৈছে প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েলাইছিছ প্ৰগ্ৰেমৰ অধীনত৷ এন এইচ এম আৰু এন এইচ এছ আৰ চিৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত উত্তৰ-পূবৰ ডায়েলাইছিছ চিকিৎসাৰ ওপৰত পৰ্যালোচনা কৰা হয়৷ বিনামূলীয়া ডায়েলাইছিছৰ জৰিয়তে উত্তৰ-পূবৰ মধুমেহ ৰোগী বিশেষকৈ যকৃৎ আক্ৰান্ত ৰোগীসকল উপকৃত হৈছে৷ উল্লেখ্য যে দেশত প্ৰতি বছৰে ৩.৪ কোটি লোকে ডায়েলাইছিছ কৰিবলগীয়া হয়৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আগন্তুক বিশেষ টিকাকৰণ অভিযান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়৷ ৰাজ্যৰ প্ৰতিটো শিশুৰ জীৱন ৰক্ষাৰ ভেক্‌চিন লক্ষ্যক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কোনো ক্ৰটী নাৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ বৈঠকত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here