Home Beauty Plus শৰীৰৰ ওজন কমাবলৈ এইকেইবিধ শাক নিয়মিতৰূপে গ্ৰহণ কৰক

শৰীৰৰ ওজন কমাবলৈ এইকেইবিধ শাক নিয়মিতৰূপে গ্ৰহণ কৰক

প্ৰায়ভাগ লোককে দেখা যায় যে শৰীৰৰ ওজন কমাবলৈ কঠাৰ ব্যায়াম, খাদ্য নিয়ন্ত্ৰণ কৰা আদি বিভিন্ন উপায় অৱলম্বন কৰিও বিশেষ ফল নাপায়৷ শৰীৰৰ ওজন হ্ৰাসৰ বাবে কিছু ঘৰুৱা প্ৰতিকাৰ হিচাপে আমি কেইবিধমান শাক বাছি ল’ব পাৰোঁ৷ আপোনাৰ শৰীৰৰ ওজন অত্যধিক বৃদ্ধি পাইছে নেকি? তেন্তে বিশেষ চিন্তা নকৰিব৷ কিয়নো আমাৰ চাৰিওফালে থকা কিছুমান শাকজাতীয় খাদ্য ওজন হ্ৰাসত যথেষ্ট অৰিহণা যোগায়৷ সহজে পোৱা এইধৰণৰ শাক আমি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰৰ ওজন যথেষ্টখিনি হ্ৰাস কৰিব পাৰোঁ৷ জানো আহক কি কি শাকে আমাৰ শৰীৰৰ ওজন কামোৱাত ভূমিকা গ্ৰহণ কৰে৷ নিমপাতৰ ৰস সেৱন কৰিলে আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধান হয়৷ নিয়মিতভাৱে নিমপাতৰ ৰস সেৱন কৰিলে মেটাবলিজম বৃদ্ধি পায়৷ ফলত পেট পৰিষ্কাৰ কৰাত সহায় কৰে৷ নিম পাতে শৰীৰৰ অতিৰিক্ত চৰ্বি কমায়, যিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ নিমপাতৰ ৰস, নেমু আৰু মৌ মিহলাই সেৱন কৰিলে শৰীৰৰ মেটাবলিজম বঢ়োৱাত খুব কাৰ্যকৰীভাৱে কাম কৰে৷
তুলসীক হিন্দু সমাজত পৱিত্ৰ বুলি গণ্য কৰা হয়৷ তুলসীৰ বহুতো আ(ৰ্যজনক গুণ আছে৷ তুলসীৰ পাতৰ ৰস উলিয়াই চাহ খালে পেটৰ বিভিন্ন সমস্যা সমাধান হোৱাৰ লগতে শৰীৰৰ ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ তুলসীৰ ৰসে শৰীৰৰ বিষাক্ত উপাদান ধবংস কৰি মেটাবলিজম বৃদ্ধি কৰে৷ শৰীৰৰ মেটাবলিজম বাঢ়িলে কেলৰি লষ্টত সহজ হয়৷ ফলত শৰীৰৰ ওজন হ্ৰাস পায়৷ ইয়াৰ উপৰি তুলসী প্ৰাকৃতিকভাৱে হজমশক্তি বঢ়োৱাত, তথা শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিয়াত সহায় কৰে৷
ধনিয়া পাতৰ ৰন্ধন প্ৰণালীত এবিধ অতি গুৰুত্বপূৰ্ণ সামগ্ৰী৷ ধনিয়া পাতে ব্যঞ্জনখন সুস্বাদু কৰাৰ লগতে ইয়াৰ গোন্ধে ব্যঞ্জনখনক বেলেগ মাত্ৰা প্ৰদান কৰে৷ ধনিয়া পাতত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে শৰীৰৰ মেটাবলিজম বৃদ্ধিত অৰিহণা যোগায়৷ যাৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷
পালেং শাক এবিধ স্বাস্থ্যকৰ সেউজীয়া পাচলি৷ আইৰন আৰু ফাইবাৰেৰে সমৃদ্ধ পালেং শাক স্বাস্থ্যৰ পক্ষে অতি উপকাৰী৷ পালেং শাকে হাৰ্ট সুস্থ কৰি ৰখাত, চুলি সৰা ৰোধ কৰা, চকুৰ স্বাস্থ্য উন্নত কৰা তথা শৰীৰৰ ওজন হ্ৰাসত যথেষ্ট অৰিহণা যোগায়৷ চৰ্বি আৰু কলেষ্টৰেল কম থকা তথা ফাইবাৰ আৰু আইৰনেৰে সমৃদ্ধ পালেং শাকে ৰক্তচাৰ নিয়ন্ত্ৰণ, হাড় সুস্থ ৰখা তথা দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...