উত্তৰ ভাৰতত চলি থকা শীতপ্ৰবাহৰ মাজতে দিল্লীৰ উষ্ণতা এই দশকটোৰ ভিতৰত দ্বিতীয় নিম্নতম উষ্ণতাৰ অভিলেখ গঢ়ে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনায় যে দিল্লীৰ চফদৰগঞ্জত নিম্নতম উষ্ণতা ১.৯ ডিগ্ৰী চেলছিয়াছ হয়৷ যোৱা দহটা বছৰৰ ভিতৰত কেৱল ২০২১ চনৰ ১ জানুৱাৰীৰ পুৱাহে দেশৰ ৰাজধানী মহানগৰত অধিক শীত অনুভূত হৈছিল৷ আনহাতে দিল্লীৰ আয়া নগৰত নিম্নতম উষ্ণতা ২.৬ ডিগ্ৰী চেলছিয়াছ, লোধী ৰ’ডত নিম্নতম উষ্ণতা ২.৮ ডিগ্ৰী চেলছিয়াছ আৰু পালামত নিম্নতম উষ্ণতা ৫.৯ ডিগ্ৰী হয়৷ দেশৰ ৰাজধানী মহানগৰ আৰু কাষৰীয়া ৰাজ্যসমূহত হাড় কঁপোৱা জাৰ আৰু ডাঠ কুঁৱলী অব্যাহত আছে৷ বতৰ বিজ্ঞান বিভাগৰ মতে দুদিনৰ পাছৰ পৰা উত্তৰ-পশ্চিম ভাৰতৰ বহু অংশত নিম্নতম উষ্ণতা ২ ডিগ্ৰীৰ ওপৰলৈ উঠিব৷ অহা তিনি দিনত পূব ভাৰতত নিম্নতম উষ্ণতাত কোনো বিশেষ পৰিৱৰ্তন নহ’ব৷ পাছত উষ্ণতা ২-৩ ডিগ্ৰী বৃদ্ধি পাব৷ বতৰ বিজ্ঞান বিভাগৰ মতে অহা তিনি দিন অসম, ত্ৰিপুৰা, পশ্চিম বংগ, ছিকিম, বিহাৰ উত্তৰ ৰাজস্থান আৰু উত্তৰাখণ্ডৰ ঠাই বিশেষে অতি ঘন কুঁৱলী পৰিব৷ ইফালে উত্তৰ ভাৰতত হৈ থকা শীত প্ৰবাহ আৰু হাড় কঁপোৱা জাৰৰ পৰিপ্ৰেক্ষিতত ফ্ৰষ্টবাইট [অতিপাত শীতৰ বাবে দেহৰ কোনো অংগ পচি গৈ হোৱা ক্ষত] হোৱাৰ আশংকাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ঘৰৰ বাহিৰৰ কাম-কাজ সীমিত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে৷ পৰামৰ্শাৱলী বিভাগে কয় যে দীৰ্ঘ সময় ঠাণ্ডা পাই থাকিলে ফ্ৰষ্টবাইট হ’ব৷ শৰীৰৰ তাপ কমাৰ লক্ষণ কঁপনিকো আওকাণ নকৰিবলৈ বিভাগে আহ্বান জনাইছে৷ বতৰ বিজ্ঞান বিভাগৰ পৰামৰ্শাৱলীত কোৱা হৈছে, ‘পৰ্যাপ্ত প্ৰতিৰোধ শক্তি ৰাখিবলৈ ভিটামিন চিসমৃদ্ধ ফল-মূল আৰু পাচলি খাওক; যথেষ্ট কুহুমীয়া পানী খাওক৷ বাহিৰৰ কাম-কাজ পৰিহাৰ বা সীমিত কৰক৷
শীতত কঁপিছে দিল্লী : বতৰ বিজ্ঞান বিভাগে জনতালৈ কি দিলে পৰামৰ্শ
By Health Plus
69
Previous articleজনসংখ্যা নিয়ন্ত্ৰণৰ বাবে জাপানে কি ল’লে অভিনৱ পন্থা ?
Next articleমহাকাশত মহাকাশচাৰীয়ে কি খাদ্য খায় জানেনে ?
RELATED ARTICLES
চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?
Health Plus - 0
পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...
স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে
Health Plus - 0
ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...
ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?
Health Plus - 0
বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...
Most Popular
চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?
পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...
চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?