মহাকাশত মহাকাশচাৰীয়ে কি খাদ্য খায় জানেনে ?

0
139


মহাকাশচাৰীসকলৰ লৈ আমাৰ সকলোৰে এটা উৎসুকতা আছে৷ আমি সকলোৱে জানিবলৈ বিচাৰোঁ যে মহাকাশচাৰীসকলে কেনেদৰে মহাকাশ থকাৰ সময়ত দিনবোৰ কটায়, কি কৰে বা খাদ্য হিচাপে তাত তেওঁলোকে কি খায় নহয় জানো৷ জানো আহকচোন মহাকাশচাৰীয়ে কিধৰণৰ খাদ্য গ্ৰহণ কৰে৷ মহাকাশচাৰীসকলৰ বাবে প্ৰস্তুত কৰা সকলো খাদ্যই প্ৰথমে পুষ্টিকাৰক, সহজে হজম হোৱা আৰু সন্তোষজনক হোৱাটো দৰকাৰ৷ তেওঁলোকে খোৱা খাদ্যবোৰ শূন্য মহাকৰ্ষণত গ্ৰহণযোগ্য হ’বলে পাতল, বহুদিন নষ্ট নোহোৱাকৈ থকা অৰ্থাৎ সংৰক্ষণযোগ্য খাদ্য, মানসিক গ্ৰহণযোগ্যতা খাদ্য, ভালদৰে পেকিং কৰা বা সহজে বিতৰণ কৰিব পৰা খাদ্যহে খোৱা হয়৷ আনহাতে ন্যূনতম আৱৰ্জনা সৃষ্টিকাৰী খাদ্য খোৱাত তেওঁলোকে বিশেষ গুৰুত্ব প্ৰদান কৰে৷ আচলতে বিভিন্নধৰণৰ পৰীক্ষা তথা গৱেষণাৰ পাছতহে মহাকাশচাৰীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰা হয়৷ মহাকাশচাৰীয়ে মুখ্যতঃ সান্দ্ৰ খাদ্য, কণী ভাপ সিদ্ধ আদিহে গ্ৰহণ কৰে৷ বেছিকৈ আৱৰ্জনা সৃষ্টি কৰিব পৰা ব্ৰেড আদি কমকৈ গ্ৰহণ কৰে৷ নিমখ পানীত দ্ৰৱণীয় কৰিহে খোৱা হয়৷ সতেজ খাদ্য আপেল, কমলা আদি ফল-মূলজাতীয় খাদ্য মহাকাশলৈ নিয়াৰ দুই এদিনৰ ভিতৰতে খোৱা হয়৷ মানসিক ভাৰসাম্য ৰক্ষাৰ হেতু এইবোৰ খাদ্য পঠোৱা হয়৷ শুকান মাংস, শুকান এপ্ৰিকোট আদি কিছুদিনলৈ সাঁচি ৰাখিব পৰা খাদ্য গ্ৰহণ কৰে৷ ইৰেডিয়েটেড খাদ্য যেনে বিফষ্টিক যিবোৰ ৰেডিয়েশ্যন আয়’নিজেশ্যন পদ্ধতিৰে উষ্ণ বা বিশুদ্ধ কৰা হয়৷ বাদাম, বিস্কুট, ড্ৰাই ফ্ৰুইটছ আদি বহুদিনলৈ সংৰক্ষণযোগ্য খাদ্য তেওঁলোকে গ্ৰহণ কৰে৷ চাহ, কফি, নেফ’নাড আদি পুনৰ্জলীকৰণ খাদ্য হিম শুকান গুৰি মহাকাশচাৰীসকলৰ ব্যক্তিগত পচন্দ অনুযায়ীহে পঠোৱা হয়৷ টুনা মাছ, মটৰ চুপ আদি থাৰ্মোষ্টেবিলাইজড পদ্ধতিৰে বেক্টেৰিয়া, অনুজীৱ আদি ধবংস কৰিহে মহাকাশলৈ পঠোৱা হয়৷ ৱাফেল, স্কোন আদি দীৰ্ঘজীৱী খাদ্য প্ৰায় ওঠৰ মাহলৈ সাঁচি থ’ব পাৰে৷ এইধৰণৰ খাদ্য বেছিকৈ মহাকাশচাৰীয়ে ব্যৱহাৰ কৰে৷ আচাৰ বা কেটথআপৰ দৰে খাদ্য, লুণীয়া দ্ৰৱণ, মায়’নিজ আদি যথেষ্ট কম পৰিমাণে মহাকাশলৈ পঠোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here