জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে জাপানে কি ল’লে অভিনৱ পন্থা ?

0
958

জনসংখ্যা বৃদ্ধিৰ সমস্যাই সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷ বছৰি বৃদ্ধি পাই থকা জনসংখ্যা বৃদ্ধিৰ ফলত বিশ্বৰ আৰ্থ-সামাজিক দিশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে৷ বৰ্তমান বিশ্বৰ ক্ৰমবৰ্ধমান জনসংখ্যাক লৈ সমগ্ৰ বিশ্বই উদ্বিগ্ন প্ৰকাশ কৰিছে৷ সেয়ে বিভিন্ন ৰাষ্ট্ৰই ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পন্থা হাতত লৈছে৷ একেদৰে পৃথিৱীৰ অইন দেশৰ লগতে জাপানতো অভাৱনীয়ভাৱে জনসংখ্যা বৃদ্ধি পাইছে৷ জাপানত বিশেষকৈ গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত সাংঘাতিকভাৱে মানুহৰ সংখ্যা বৃদ্ধিয়ে চিন্তিত কৰিছে জাপান চৰকাৰক৷ গাঁও এৰি চহৰমুখী হোৱাৰ ফলতে এইদৰে কম সময়ত ভিতৰতে ইয়াত জনসংখ্যাৰ ভৰত সমস্যাই দেখা দিছে৷ সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে বা এই সমস্যাৰ নিৰ্মূলৰ বাবে জাপান চৰকাৰে অভিনৱ পন্থা অৱলম্বন কৰিছে৷ চৰকাৰে দেশৰ নাগৰিকসকলৰ টোপ দিছে তেওঁলোকে নগৰ এৰি গাঁৱলৈ হ’লে ৬.৩৬ লাখ টকা আগবঢ়াব আৰু এইখিনি ধনেৰে তেনে পৰিয়ালে গাঁও অঞ্চলত স্বাচ্ছন্দ্য জীৱন নিয়াব পাৰিব৷ চৰকাৰে জনোৱা মতে যদি দেশৰ নাগৰিকে  ৰাজধানী টকিঅ’ৰে ধৰি আন জনবহুল চহৰ, মহানগৰ এৰি গাঁৱলৈ যায়, তেন্তে তেনে পৰিয়ালক চৰকাৰৰ ফালৰ পৰা আন আন সুবিধাও প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে অকল জাপানতেই নহয়, বিশ্বৰ সকলো ৰাষ্ট্ৰতে জনসাধাৰণে গাঁও এৰি নগৰমুখী হোৱাৰ ফলত নাগৰিকৰ বোজা সহিব নোৱৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here