শীতত আদা দিয়া গাখীৰ খোৱা কৰক : কিয় ? Why is milk with ginger good in winter?

0
409

আদা দিয়া চাহ আপুনি নিশ্চয় খাই পাইছে৷ মূৰৰ বিষত, জ্বৰ, কাহ, চৰ্দি আদিত আদা দিয়া চাহকাপে যথেষ্ট আৰাম দিয়ে৷ পিছে আপুনি কেতিয়াবা আদা দিয়া গাখীৰ খাই পাইছেনে? নাই যদি আজিৰ পৰাই খোৱাৰ অভ্যাস কৰক৷ কাৰণ ইয়াৰ আছে বহুতো ঔষধি গুণ৷
শীতৰ বতৰত মানুহৰ ইমিউনিটি যথেষ্ট দুৰ্বল হৈ থাকে৷ যাৰ বাবে বেমাৰে অতি সহজে আপোনাক আক্ৰমণ কৰিব পাৰে৷ লগতে কাহ, কফ, চৰ্দি আদি ভাইৰেল ইনফেকশ্যনসমূহো ইমিউনিটি দুৰ্বল হোৱাৰ ফলতে হয়৷ সেয়েহে এনে সময়ত আপুনি যদি নিতৌ আদা দিয়া গাখীৰৰ গ্ৰহণ কৰে, ই আপোনাৰ শীতত হ’ব পৰা বিভিন্ন ধৰণৰ ভাইৰেলজনিত ৰোগৰ আশংকা কমাব পাৰে৷

Milk – good or bad? | Домът на Аюрведа
  • আদাত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিইনফ্লেমেটৰি গুণ থকা হেতু গলৰ বিষ, গলৰ খিচখিচনি আদি নাইকিয়া কৰে৷
  • অকল এয়াই নহয়, আদা দিয়া গাখীৰে পেটৰ বিভিন্ন সমস্যাও নিৰাময় কৰিব পাৰে৷ যিসকল লোকৰ গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ সমস্যা আছে, তেওঁলোকে আদা দিয়া গাখীৰ খালে কাৰ্যকৰী ফল লাভ কৰিব পাৰে৷
  • আদাই পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে৷ লগতে গাখীৰত প্ৰ’টিন আৰু কেলচিয়াম পোৱা যায়, যিয়ে হাড়, মাংসপেশী মজবুত কৰি শীতত হ’ব পৰা গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিৰ পৰা সকাহ দিয়াব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here