Home Beauty Plus শীতকালত মুখখনৰ সুৰক্ষাৰ বাবেVitamin-E Oil কিদৰে ব্যৱহাৰ কৰিব

শীতকালত মুখখনৰ সুৰক্ষাৰ বাবেVitamin-E Oil কিদৰে ব্যৱহাৰ কৰিব

শীতকালত মুখৰ ছালখনত ব্যৱহাৰ কৰাৰ বাবে Vitamin-E Oil হ’ল উপযুক্ত এবিধ উপাদান৷ শীতৰ সময়ছোৱাৰ বায়ুৰ আদ্ৰৰ্তাৰ বাবে ছালখন ৰুক্ষ, শুষ্ক হৈ যায়৷ সেয়েহে শীতৰ সময়ত আপুনি যদি Vitamin-E Oil ছালৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰে, তেনেহ’লে মুখৰ সৌন্দৰ্য অটুট থকাৰ লগতে মুখখন সতেজ আৰু উজ্জ্বল হয়৷ ছালখন যদি ৰুক্ষ, শুকান হয়, তেন্তে Vitamin-E Oil ব্যৱহাৰ কৰিব পাৰে৷ ডাৰ্ক চাৰ্কল মুখৰ ক’লা দাগ, চকুৰ তলৰ ক’লা দাগ আদি সহজে দূৰ হয় Vitamin-E Oil ব্যৱহাৰ কৰিলে৷ অকালবাৰ্ধক্য দূৰ কৰা তথা বলিৰেখাৰ সমস্যা নিৰাময়ৰ বাবে মুখত Vitamin-E Oil ব্যৱহাৰ কৰিব পাৰে৷ Vitamin-E Oilৰ সৈতে এলোভেৰা জেল মিহলাই নাইট ক্ৰিম প্ৰস্তুত কৰিব পাৰে৷ এই মিশ্ৰণটো নিশা শোৱাৰ সময়ত চকুৰ ক’লা পৰা অংশত ভালদৰে আঙুলিৰে লগাই মাচাজ কৰক৷ এসপ্তাহমান পাছত দেখিব চকুৰ ক’লা পৰা অংশ নোহোৱা হৈ গৈছে আৰু মুখখন উজ্জ্বল তথা সতেজ হৈছে৷
আনহাতে Vitamin-E Oil সৈতে গ্লিচাৰিন মিহলাই ৰাতি শোৱাৰ সময়ত ছালৰ লগালে ছালৰ ৰুক্ষতা নোহোৱা হৈ সুন্দৰ হৈ পৰে৷
Vitamin-E Oilৰ সৈতে গোলাপ জল মিহলাই এটা অসাধাৰণ নাইট ক্ৰিম প্ৰস্তুত কৰিব পাৰি৷ এই মিশ্ৰণটোৱে ছালখন সতেজ তথা সজীৱ কৰি তোলে৷
ওপৰত উল্লেখ কৰা উপাদানবোৰ এলাৰ্জি অথবা তেনেধৰণৰ ছালৰ সমস্যা থাকিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে লগাব৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...