এইবোৰ অসুবিধা থাকিলেফটা মগু দাইল একেবাৰে নাখাব

0
144

দাইল প্ৰ’টিনৰ ভাল উৎস৷ দাইলত বিভিন্ন পুষ্টিগুণ থাকে৷ সেয়েহে দাইল শৰীৰৰ বাবে অতি উপকাৰী৷ যিসকল নিৰামিষভোজী, তেওঁলোকে প্ৰ’টিনৰ বাবে মগু দাইল খোৱা দৰকাৰ৷ যিহেতু প্ৰ’টিন শৰীৰৰ বাবে লাগতিয়াল উপাদান৷ মগু দাইলত প্ৰ’টিনৰ উপৰি ভিটামিন, ফাইবাৰ, কপাৰ আদি পুষ্টিকৰ উপাদান পোৱা যায়৷ ৰক্তচাপৰ সমস্যাত ভোগাসকলৰ বাবে উপকাৰী৷ আনহাতে এনে লোকে আছে, যিসকলৰ বাবে ফটা মগু দাইল খালে বিষতুল্য হিচাপে ক্ৰিয়া কৰে৷ ফটা মগু দাইল খালে হিতে বিপৰীতহে হোৱা দেখা যায়৷ কি কি সমস্যা থাকিলে ফটা মগু দাইল খোৱা উচিত নহয় জানো আহক৷
সিসকলৰ হাই ইউৰিক এচিডৰ সমস্যা আছে, তেওঁলোকে ফটা মগু দাইল খোৱাৰ পৰা বিৰত থকা উচিত৷ এই দাইলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে বাবে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বঢ়োৱাত সহায় কৰে৷ সেয়েহে হাই ইউৰিক এচিডৰ সমস্যা থকা লোকসকলে মগু দাইল খাদ্য তালিকাৰ পৰা বাদ দিয়াই ভাল৷
কিডনীত পাথৰৰ সমস্যাত ভোগা লোকসকলে মগু দাইল খোৱাৰ পৰা বিৰত থাকক৷ মগুত প্ৰচুৰ পৰিমাণে অক্সালেট আৰু প্ৰ’টিন পোৱা যায়৷ যি কাৰণে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে৷ যাৰ বাবে কিডনীত পাথৰ হোৱাসকলে মগু দাইল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত নহয়৷
লো ব্লাড ছুগাৰৰ সমস্যাত ভোগাসকলৰ বাবে মগু দাইল খোৱাটো ক্ষতিকাৰক৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে মগু দাইলত এনে বহুতো উপাদান পোৱা যায়, যিয়ে শৰীৰৰ ব্লাড ছুগাৰৰ পৰিমাণ কমাই দিয়ে৷ মগু দাইল খোৱাৰ ফলত লো ব্লাড ছুগাৰত ভোগাসকলৰ আৰু ব্লাড ছুগাৰ কমি গৈ অসুবিধাৰ সন্মুখীন হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here