![110](data:image/svg+xml,%3Csvg%20xmlns='http://www.w3.org/2000/svg'%20viewBox='0%200%20696%20392'%3E%3C/svg%3E)
অহা ১৫ জানুৱাৰীৰ ভিতৰত দুয়োপালি ক’ভিড ভেকি্চন দি শেষ কৰাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে৷ বয়স্ক লোকসকলে ঘৰৰ পৰা ওলাই আহি ভেক্চিন ল’বলৈ ইচ্ছা নকৰাত ঘৰে ঘৰে স্বাস্থ্য কৰ্মী গৈ ভেক্চিন দিব৷ প্ৰাথমিক শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে গুণোৎসৱৰ জৰিয়তে যেনেদৰে ব্যৱস্থা লোৱা হৈছিল ভেক্চিন প্ৰদানৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ পৰা বিধায়ক, পঞ্চায়ত প্ৰতিনিধিলৈ, মুখ্য সচিবৰ পৰা চক্ৰ বিষয়ালৈ প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰিবলৈ স্কুলে স্কুলে গৈ গুণোৎসৱৰ জৰিয়তে মূল্যাংকন কৰাৰ দৰে ভেক্চিন প্ৰদানৰ এখন সঠিক তালিকা প্ৰস্তুত কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে৷ অহা ১৫ নৱেম্বৰৰ পৰা ১০ লাখ লোকক লক্ষ্য কৰি গাঁৱে গাঁৱে ভেক্চিন দিয়া হ’ব৷ অহা দহ নৱেম্বৰৰ পৰা সাত দিনীয়াকৈ ভেকচিনেশ্যন অভিযান চলোৱা হ’ব৷ ১৫ জানুৱাৰীৰ ভিতৰত ভেক্চিন দিয়াটো সমাপ্ত হোৱাৰ আশা কৰা মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথমপালি ভেক্চিন লৈ ইতিমধ্যে কিছুসংখ্যক লোকে অন্যান্য ৰাজ্যত কাম কৰিবলৈ গুচি গৈছে৷ সেই লোকসকলে যাতে কাম কৰি থকা ৰাজ্যখনত দ্বিতীয় পালি ভেক্চিন ল’ব পাৰে তাৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহক অসম চৰকাৰে অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷