ছৰিয়াছিছ দিৱসত GMCH-এ কি পদক্ষেপ ল’লে ? What is this drive against psoriasis by GMCH?

0
814
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৰ্মৰোগ বহিঃবিভাগৰ উদ্যোগত যোৱা ২৯ অক্টোবৰত বিশ্ব ছৰিয়াছিছ দিৱস (World Psoriasis Day) পালন কৰা হয়৷ এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই চৰ্মৰোগ বিভাগত এটা ছৰিয়াছিছ ক্লিনিক উদ্বোধন কৰে৷ অনুষ্ঠানত ডাঃ বৈশ্যই কয় যে এই ছৰিয়াছিছ ক্লিনিকৰ জৰিয়তে এই ৰোগত আক্ৰান্তসকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হৈছে৷ বিশ্বৰ তিনি শতাংশ লোকে এই ৰোগত আক্ৰান্ত হয় আৰু এই ৰোগৰ চিকিৎসাও যথেষ্ট ব্যয়বহুল৷ সেয়ে এই বেমাৰত ভোগা লোকসকলক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে, যাতে এই ৰোগৰ পৰা উপশম পাব পাৰে৷ অধ্যক্ষগৰাকীয়ে লগতে এই ৰোগ সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় বুলিও সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here