Home Daily news যোৰহাটত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

যোৰহাটত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ প্ৰায় জিলাতে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷ এনকেফেলাইটিছ সদৃশ ৰোগত জিলাই জিলাই দ্ৰুতভাৱে আক্ৰান্ত হৈছে৷  ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাত এনকেফেলাইটিছ সদৃশ ৰোগ বৃদ্ধি পাইছে৷ জিলাখনত বৰ্তমানলৈকে ৫৩জন লোক এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগৰ সূত্ৰে জনোৱা মতে, ৫৩ জন আক্ৰান্তৰ ভিতৰত ২৩জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে৷ 
যোৰহাট জিলাত বৰ্তমানলৈকে ছগৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে৷ জিলাখনৰ ৬খন ব্লক পি এইচ চিৰ অন্তৰ্গত বাঘচোং পি এইচ চিত সৰ্বাধিক ১৭ গৰাকী, শ’লমৰা, কাকজান ব্লক পি এইচ চিত ১২ গৰাকীকৈ, নকছাৰি ব্লক পি এইচ চিত চ্ছ্ৰগৰাকী আৰু ভগামুখত এজন আৰু তিতাবৰ ব্লক পি এইচ চিত ১১গৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ আছে৷ 
লক্ষণীয় যে যোৰহাট জিলাৰ বাঘচোং, শ’লমৰা, কাকজান, তিতাবৰ আদিৰ অন্তৰ্গত অঞ্চলসমূত ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে এনকেফেলাইটিছৰ ঘটনা৷ ইফালে যোৰহাট জিলা স্বাস্থ্য বিভাগে এনকেফেলাইটিছ ৰোগৰ প্ৰতিকাৰৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে৷ স্বাস্থ্য বিভাগৰ সূত্ৰে জনোৱা মতে এনকেফেলাইটিছ আক্ৰান্তসকলৰ চৌদিশৰ এক কিল’মিটাৰ ব্যাসাৰ্ধৰ এলেকাত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ 
গাইডলাইন মতে এলেকাটোত দুবাৰকৈ ফগিং কৰিব লাগে৷ স্বাস্থ্য বিভাগে আঁঠুৱা ঔষধিকৰণৰ ব্যৱস্থাও লৈছে৷ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা স্বাস্থ্য বিভাগে ঘৰৰ চৌপাশত পানী জমা হ’বলৈ নিদিয়া, দূৰত গাহৰি পালন কৰা, পুৱা-গধূলি ঘৰত ধোঁৱা দিয়া আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...