মে’ত তাপমাত্ৰা প্ৰসংগত বতৰ বিজ্ঞান বিভাগৰ কি সকীয়নি ?

0
307

দেশৰ বিভিন্ন প্ৰান্ত তীব্ৰ গৰমত দগ্ধ হৈছে৷ গৰমপ প্ৰকোপত কেইখনমান ৰাজ্যত ইতিমধ্যে স্কুল আদিও বন্ধ ঘোষণা কৰিছে৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এক সতৰ্কবাণীয়ে দেশৰ জনসাধাৰণৰ সচকিত কৰি তুলিছে৷ 
বতৰ বিজ্ঞান কেন্দ্ৰৰ সকীয়নি মতে চলিত মাহৰ দেশৰ কোনো কোনো অংশত তাপমাত্ৰাই ৫০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিব বুলি আশংকা ব্যক্ত কৰিছে৷ 
বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য মতে দেশৰ উত্তৰ  পশ্চিম আৰু পশ্চিম মধ্য অংশ, গুজৰাট, ৰাজস্থান, পঞ্জাব, হাৰিয়ানাত এই মাহত তাপমাত্ৰা স্বাভাৱিকতকৈ বেছি হ’ব৷ আনহাতে মে’ত গড় হিচাপে বৰষুণৰ পৰিমাণো বেছি হ’ব৷ সেয়েহে এই সময়ছোৱাত জনসাধাৰণৰ অভিক সতৰ্ক থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here