GMCH-ত প্ৰষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰৰ সৰ্বভাৰতীয় কৰ্মশালা

0
261

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ ইউৰ’লজি আৰু বৃক্ক সংৰোপণ বিভাগত যোৱা ২৯ এপ্ৰিলত এক ৰাষ্ট˜ীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়৷ উক্ত সৰ্বভাৰতীয় কৰ্মশালাত প্ৰষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰত ব্যৱহাৰ হোৱা তিনিবিধ লেজাৰ শক্তি আৰু আন এবিধ বৈদ্যুতিক শক্তিৰ প্ৰয়োগৰ শৈলী প্ৰদৰ্শন কৰা হয়৷
উক্ত কৰ্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৮০জন জ্যেষ্ঠ চিকিৎসকে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে এই উক্ত কৰ্মশালত প্ৰদৰ্শিত তিনিবিধ লেজাৰ পদ্ধতিৰ দ্বাৰা প্ৰষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰ কৰাৰ সুবিধা সমগ্ৰ পূব ভাৰতৰ ভিতৰত একমাত্ৰ জি এম চি এইচতহে উপলব্ধ৷ 
এই কৰ্মশালত বিভিন্ন প্ৰান্তৰ পৰা অহা চিকিৎসকলে নিজ বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত জি এম চি এইচৰ ইউৰ’লজি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ শশাংক বৰুৱাই প্ৰষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰৰ এই নতুন শৈলীসমূহৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ 
উক্ত কৰ্মশালা উদ্বোধন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ শৰ্মাই৷ সৰ্বভাৰতীয় কৰ্মশালাখনত সৰ্বভাৰতীয় মূত্ৰতন্ত্ৰ সংস্থাৰ পূব মণ্ডলৰ সভাপতি ডাঃ কল্যাণ কুমাৰ সৰকাৰ, ডাঃ ৰঞ্জন কুমাৰ দে’, ডাঃ পংকজ মহেশ্বৰী, ডাঃ সদাশিৱ ভোলে, ডাঃ গোপাল কৃষ্ণণ, ডাঃ অংশুমান কাপুৰ আদি জ্যেষ্ঠ চিকিৎসকসকলে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here