Home Daily news মৃতদেহ সৎকাৰত এন জি টিৰ কি নতুন নিৰ্দেশ ?

মৃতদেহ সৎকাৰত এন জি টিৰ কি নতুন নিৰ্দেশ ?

 মৃতদেহ সৎকাৰৰ পৰিৱেশ-অনুকূল পদ্ধতি ব্যৱহাৰ কৰিবলৈ আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ খৰিৰ লগতে বৈদ্যুতিক বা পি এন জি শ্মশান ব্যৱহাৰৰ উপযুক্ততা বিচাৰ কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টি-এ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশ দিছে৷ 
এন জি টিৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বৰ এখন পীঠে কয় যে সৎকাৰৰ সময়ত বায়ু প্ৰদূষণ হয় আৰু খৰি ব্যৱহাৰ কৰা শ্মশানৰ বিকল্প হিচাপে বৈদ্যুতিক, পি এন জি  শ্মশান স্থাপন কৰিব পাৰি৷ 
ন্যায়াধিকৰণে কয় যে ধৰ্মীয় বিশ্বাস অনুসৰি অগ্নিত দাহ কৰা ব্যৱস্থাক পৱিত্ৰ বুলি গণ্য কৰা হয় আৰু এটা মৃতদেহ মুকলিত সৎকাৰ কৰোঁতে ৩৫০-৪৫০ কিল’গ্ৰাম খৰি পোৰা হয়৷
কোনো ধৰ্মীয় বিশ্বাসত আঘাত দিয়াৰ কোনো উদ্দেশ্য ন্যায়াধিকৰণৰ নাই বুলি স্পষ্ট কৰি দি এন জি টিয়ে কয় যে এনেধৰণৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু সৎকাৰৰ পৰিৱেশ-অনুকূল পদ্ধতি ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক শিক্ষিত আৰু আকৰ্ষিত কৰিবলৈ ব্যৱস্থা ল’বৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক নিৰ্দেশ দিয়া হৈছে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,