Home Daily news মানৱ সৰবৰাহ, শিশু শ্ৰমিক ৰোধৰ বাবে চৰকাৰে আনিব নতুন আইন

মানৱ সৰবৰাহ, শিশু শ্ৰমিক ৰোধৰ বাবে চৰকাৰে আনিব নতুন আইন

মানৱ সৰবৰাহ ৰোধ কৰা আৰু অত্যাচাৰ চলাই শিশুক ঘৰুৱা কামত নিয়োজিত কৰাৰ দৰে অমানৱীয় কাৰ্য ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে নতুন আইন প্ৰণয়ন কৰিব৷ দুষ্ট চক্ৰই শিশু আৰু মহিলাক ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে অনগ্ৰসৰ দুখীয়া লোকৰ শিশুক ঘৰুৱা কামত নিয়োগ কৰাই নহয়, শাৰীৰিক অত্যাচাৰ, যৌন নিপীড়নৰ দৰে কাৰ্য কঠোৰ হাতেৰে দমন কৰিবলৈ ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰাৰ  কথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ শিশু আৰু মহিলা সৰবৰাহৰ  বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে  চাহ বাগিচাৰ আদিবাসী ছোৱালী, শিশু আৰু মহিলা মানৱ সৰবৰাহকাৰীৰ কবলত পৰা দেখা যায়৷ প্ৰতিখন জিলাত এটাকৈ মানৱ সৰবৰাহ গোট খোলাৰ লগতে গাঁওৰক্ষী বাহিনীক চোকা নজৰ ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷ 
মুখ্যমন্ত্ৰীয়ে কয় যে বহু মানুহৰ অৰ্থনৈতিক অৱস্থাক মানৱ সৰবৰাহকাৰীয়ে সুযোগ হিচাপে গ্ৰহণ কৰে৷ বহু সময়ত দেখা যায় প্ৰাপ্তবয়স্ক ছোৱালী বা মহিলাই প্ৰথমতে স্বেচ্চাই ৰাজ্যৰ বাহিৰলৈ কাম কৰিবলৈ যোৱাৰ কথা উল্লেখ কৰে যদিও পাছত তেওঁলোকক বলপূৰ্বক যৌন কাৰ্যত লিপ্ত কৰোৱাৰ কাতৰ ফ’ন আহে আৰক্ষী বা পৰিয়ালৰ সদস্যলৈ৷ ৰাজ্য চৰকাৰে উদ্ধাৰ কৰি অনাৰ পাছত তেওঁলোকক অৰুণোদয় আঁচনি, বিনামূলীয়া চাউল আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ পৰা মানৱ সৰবৰাহকাৰীয়ে হাৰিয়ানা, ছিকিম আদি আন ৰাজ্যলৈ নি দুষ্ট চক্ৰৰ হাতত শিশু আৰু মহিলাসকলক গতাই দিয়ে৷  তেওঁ কয় যে ১৪ বছৰৰ তলৰ শিশুক মাক-দেউতাকৰ  কাষৰ পৰা আঁতৰাই আনি কামত নিয়োজিত কৰাটো আইনবিৰুদ্ধ আৰু ইও মানৱ সৰবৰাহ৷ সেয়েহে ৰাজ্য চৰকাৰে শিশুক কোনো লোকে ঘৰত কাম কৰিবলৈ আনিলে আৰক্ষী থানাত পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰাৰ লগতে স্বাস্থ্য আৰু শিক্ষাৰ সকলো ব্যৱস্থা কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,