অৰ্কিডৰ সুৰক্ষাৰ ক্ষেত্ৰত ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াৰ পদক্ষেপ

0
281

অবৈধভাৱে ব্যৱসায় কৰাৰ বাবে ভাৰতৰ অৰ্কিডসমূহ লাহে লাহে বিলুপ্ত হ’বলৈ গৈ আছে৷ বিভিন্ন প্ৰজাতিৰ ১২৫৬ বিধ অৰ্কিড ভাৰতত পোৱা যায়, ইয়াৰে ৩০৭ বিধ অৰ্কিড আমাৰ দেশীয় আৰু কেৱল ১১ বিধ অৰ্কিডহে ৱাইল্ডলাইফ [প্ৰটেক্টশ্যন] এক্ট, ১৯৭২ৰ অধীনত সুৰক্ষিত কৰা হৈছে৷ অবৈধ ব্যৱসায়ৰ পৰা অৰ্কিডসমূহলৈ অহা ভাবুকিৰ বিষয়ে আলোকপাত কৰিবলৈ আৰু ১১টা সুৰক্ষিত অৰ্কিড প্ৰজাতিক চিনাক্ত কৰোৱাবলৈ ট্ৰেফিক আৰু ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াই বৈধভাৱে সুৰক্ষিত কৰা অৰ্কিড প্ৰজাতিসমূহৰ বিষয়ত এখন প’ষ্টাৰ প্ৰস্তুত কৰিছে যাতে এইসমূহৰ অবৈধ ব্যৱসায় আৰু ব্যৱহাৰ নিষিদ্ধ কৰিব পৰা যায়৷ এই ‘বৈধভাৱে সুৰক্ষিত ভাৰতৰ অৰ্কিডসমূহ’ৰ প’ষ্টাৰখনত অৰ্কিড ফুলসমূহ আৰু সম্বন্ধীয় তথ্যসমূহৰ সংমিশ্ৰণ ঘটিছে৷ এই প’ষ্টাৰখনে অৰ্কিডসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষিত লোক আৰু সৰ্বসাধাৰণৰ মাজত সজাগতা আনিব বুলি আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here