Home Daily news মানুহৰ মস্তিষ্কত কম্পিউটাৰচিপ সংৰোপণৰ পৰিকল্পনা

মানুহৰ মস্তিষ্কত কম্পিউটাৰচিপ সংৰোপণৰ পৰিকল্পনা

এক নজিৰবিহীন ইতিহাস সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে বিশ্ব৷ মানুহৰ মস্তিষ্কত কম্পিউটাৰ চিপ সংৰোপণ কৰি মানুহক এক নতুন জীৱন দিবলৈ ওলাইছে৷ নিউৰালিংক প্ৰকল্পৰ এই চমকে সকলোকে পুনৰ এবাৰ ভবাই তুলিছে যে আজিৰ বিশ্বায়নৰ যুগত সকলো সম্ভৱ৷ বিজ্ঞানৰ ন ন আৱিষ্কাৰে অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷ মানুহৰ মস্তিষ্কত কম্পিউটাৰ চিপ সংৰোপণৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিব নিউৰালিংক প্ৰকল্পৰ অধীনত উক্ত কোম্পানীটোৱে৷ কোম্পানীটোৱে দাবী কৰা মতে মানুহৰ মগজুত ব্ৰেইনশ্বিপ সংস্থাপন কৰাৰ পাছত অন্ধ, আনকি জন্মান্ধ লোকসকলেও দৃষ্টিশক্তি ঘূৰাই পাব, ৰাজহাড়ৰ ৰোগৰ বাবে চিৰদিন ঘুণীয়া হোৱাসকলেও অনায়াসে চলা ফুৰা কৰিবলৈ সক্ষম হ’ব৷ 
নিউৰালিংক প্ৰকল্পৰ অধীনত কোম্পানীটো স্বত্বাধিকাৰী তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলেন মাস্কে কয় যে তেওঁৰ কোম্পানীয়ে প্ৰস্তুত কৰা ছাৰ্জিকেল ৰবটে অতি দ্ৰুততাৰে মানুহৰ লাওখোলাত সামান্য অংশ কাটি স্থাপন কৰিব এন ৰ নামৰ মাইক্ৰ’ প্ৰছেছৰ আৰু এই মাইক্ৰ’ প্ৰছেছৰে মগজুৰ সংকেত ৰেকৰ্ড কৰাৰ লগতে উদ্দীপক হিচাপে কাম কৰিব৷ টেক্সাছৰ ছানফ্ৰান্সিছকো আৰু অষ্টিনত থকা নিউৰালিংকে ইতিমধ্যে গৱেষণাগাৰত বিগত কেইবাবছৰ ধৰি কৰা পৰীক্ষা-নিৰীক্ষাৰ পাছত মানুহৰ ওপৰত ক্লিনিকেল পৰীক্ষা কৰাৰ বাবে যুক্তৰাষ্ট্ৰৰ
 ফুড এণ্ড ডাৰ্ক এডমিনিষ্টে˜শ্যনৰ পৰা অনুমোদন বাবে আৱেদন জনাইছে৷ এতিয়া সময়েহে ক’ব মানৱ মগজুত কম্পিউটাৰ চিপৰ কাৰ্যকাৰিতা সম্ভৱ হয়নে নহয়৷

Most Popular

মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি

প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...

ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?

ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে...

মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ

এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ...

পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা

ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...