0
172

মানুহৰ মস্তিষ্কত কম্পিউটাৰ
চিপ সংৰোপণৰ পৰিকল্পনা

এক নজিৰবিহীন ইতিহাস সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে বিশ্ব৷ মানুহৰ মস্তিষ্কত কম্পিউটাৰ চিপ সংৰোপণ কৰি মানুহক এক নতুন জীৱন দিবলৈ ওলাইছে৷ নিউৰালিংক প্ৰকল্পৰ এই চমকে সকলোকে পুনৰ এবাৰ ভবাই তুলিছে যে আজিৰ বিশ্বায়নৰ যুগত সকলো সম্ভৱ৷ বিজ্ঞানৰ ন ন আৱিষ্কাৰে অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷ মানুহৰ মস্তিষ্কত কম্পিউটাৰ চিপ সংৰোপণৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিব নিউৰালিংক প্ৰকল্পৰ অধীনত উক্ত কোম্পানীটোৱে৷ কোম্পানীটোৱে দাবী কৰা মতে মানুহৰ মগজুত ব্ৰেইনশ্বিপ সংস্থাপন কৰাৰ পাছত অন্ধ, আনকি জন্মান্ধ লোকসকলেও দৃষ্টিশক্তি ঘূৰাই পাব, ৰাজহাড়ৰ ৰোগৰ বাবে চিৰদিন ঘুণীয়া হোৱাসকলেও অনায়াসে চলা ফুৰা কৰিবলৈ সক্ষম হ’ব৷ নিউৰালিংক প্ৰকল্পৰ অধীনত কোম্পানীটো স্বত্বাধিকাৰী তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলেন মাস্কে কয় যে তেওঁৰ কোম্পানীয়ে প্ৰস্তুত কৰা ছাৰ্জিকেল ৰবটে অতি দ্ৰুততাৰে মানুহৰ লাওখোলাত সামান্য অংশ কাটি স্থাপন কৰিব এন ৰ নামৰ মাইক্ৰ’ প্ৰছেছৰ আৰু এই মাইক্ৰ’ প্ৰছেছৰে মগজুৰ সংকেত ৰেকৰ্ড কৰাৰ লগতে উদ্দীপক হিচাপে কাম কৰিব৷ টেক্সাছৰ ছানফ্ৰান্সিছকো আৰু অষ্টিনত থকা নিউৰালিংকে ইতিমধ্যে গৱেষণাগাৰত বিগত কেইবাবছৰ ধৰি কৰা পৰীক্ষা-নিৰীক্ষাৰ পাছত মানুহৰ ওপৰত ক্লিনিকেল পৰীক্ষা কৰাৰ বাবেযুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ডাৰ্ক এডমিনিষ্টেশ্যনৰ পৰা অনুমোদন বাবে আৱেদন জনাইছে৷ এতিয়া সময়েহে ক’ব মানৱ মগজুত কম্পিউটাৰ চিপৰ কাৰ্যকাৰিতা সম্ভৱ হয়নে নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here