Home Daily news মানসিক চাপে হৃদযন্ত্ৰৰ বিকলতা বৃদ্ধি কৰে

মানসিক চাপে হৃদযন্ত্ৰৰ বিকলতা বৃদ্ধি কৰে

হাৰ্ট ফেইলাৰ হৈছে এক দীৰ্ঘদিনীয়া অৱস্থা, য’ত হৃদযন্ত্ৰই  ফলপ্ৰসূভাৱে তেজ পাম্প কৰাৰ ক্ষমতা হেৰুৱাই পেলায়৷ এই দীৰ্ঘদিনীয়া অৱস্থাটো আজীৱন চিকিৎসা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ দ্বাৰা সফলতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি৷ কিন্তু বিশ্বাসযোগ্য তথ্য আৰু সজাগতাৰ অভাৱ, প্ৰাচীন ধাৰণা, চিকিৎসাৰ ফলাফলৰ বিষয়ে সন্দেহে ৰোগীৰ উচ্ছ মাত্ৰাৰ মানসিক চাপত অৰিহণা যোগায়, যাৰ ফলত উদ্বেগ আৰু হতাশাৰ দৰে মানসিক সমস্যাৰ সৃষ্টি হয়৷ এই সন্দৰ্ভত গুৱাহাটীৰ কেইবাজনো বিশিষ্ট চিকিৎসকে মন্তব্য প্ৰকাশ কৰিছে৷ গুৱাহাটীৰ হায়াট হাস্পতালৰ কাৰ্ডিঅ’লজিষ্ট ডাঃ চি°¬য় মজুমদাৰে কয় যে ক্লিনিকেল পৰ্যবেক্ষণৰ ভিত্তিত হৃদযন্ত্ৰৰ বিকলতা ধৰা পৰা প্ৰায় ৪০-৫০ শতাংশ ৰোগীয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা মানসিক চাপৰ মাত্ৰা বৃদ্ধিৰ অভিযোগ কৰে৷ 
কিন্তু ৰোগীক নিয়মীয়াকৈ নিৰীক্ষণ কৰিলে মানসিক আৰু এইচ এফ সম্পৰ্কীয় দুয়োটা বিপদৰ আগতীয়া হস্তক্ষেপত সহায় কৰাই নহয়, ইয়াৰ তীব্ৰতাও বিশ্লেষণ কৰিব পাৰি৷ আনহাতে গুৱাহাটীৰ এপ’ল’ এক্সেলকেয়াৰ হাস্পতালৰ সঞ্চালক তথা কাৰ্ডিঅ’লজি বিভাগৰ মুৰব্বী ডাঃ নীল বৰদলৈৰ মতে ভাৰতত হাৰ্ট ফেইলাৰ ৰোগীৰ গড় বয়স ৫৯ বছৰ, যিটো পশ্চিমীয়া দেশৰ ৰোগীতকৈ প্ৰায় ১০ বছৰ কম৷ উচ্ছ ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে গতানুগতিক বিপদাশংকা কাৰকৰ উপৰি বহি থকা জীৱনশৈলী, দৈনন্দিন জীৱনত মানসিক, ব্যক্তিগত, পেছাদাৰী বা পৰিৱেশগত মানসিক চাপ, উচ্ছ চেনি আৰু নিমখ সেৱন, অস্বাস্থ্যকৰ খাদ্য আৰু পৰিৱেশ প্ৰদূষণৰ বৃদ্ধি পোৱা মাত্ৰা আদি কিছুমান কাৰক, যাৰ বাবে আমাৰ জনসংখ্যাক হৃদযন্ত্ৰৰ বিকলতাৰ অধিক আশংকাত পেলাইছে৷ গতিকে সময়মতে চিকিৎসাৰ সৈতে ফলপ্ৰসূ ব্যৱস্থাপনা কৰাটো অতি গুৰুত্বপূৰ্ণ৷ উল্লেখ্য যে গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতি প্তজন হৃদযন্ত্ৰৰ বিকলতাৰ ৰোগীৰ ভিতৰত এজনেই হতাশাত ভুগিবলগীয়া হৈছিল৷ গতিকে আগতীয়া হস্তক্ষেপ আৰু সঠিক ঔষধৰ দ্বাৰা এনে ৰোগীয়ে তেওঁলোকৰ জীৱনৰ মান বহু পৰিমাণে উন্নত কৰিব পাৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...