Home Daily news মহীশূৰত হ’ব এইবাৰৰ আন্তৰ্জাতিক যোগ দিৱস

মহীশূৰত হ’ব এইবাৰৰ আন্তৰ্জাতিক যোগ দিৱস

এইবাৰ ভাৰত চৰকাৰে আন্তৰ্জাতিক যোগ দিৱস মহীশূৰ¸ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিব৷ অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰস্তুতিৰ সবিশেষ দাঙি ধৰি  নতুন দিল্লীত কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই বছৰৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হৈছে মানৱতাৰ বাবে যোগ৷  
উল্লেখ্য যে এইবাৰ মহীশূৰ¸ পেলেচ গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক যোগ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়েও অংশগ্ৰহণ কৰিব৷ প্ৰায় পোন্ধৰ হাজাৰ লোকে যোগাভ্যাস কৰিবলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয়  মন্ত্ৰী, সাংসদ, বিধায়ক, বিশিষ্ট ব্যক্তি, যোগগুৰু আদিও উপস্থিত থাকিব৷ 
কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, সম্প্ৰতি অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদ্‌যাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে৷ মন, শৰীৰ আৰু আত্মাৰ যোগসূত্ৰ স্থাপনেৰে মানসিক-শাৰীৰিক আৰু আত্মিক উৎকৰ্ষ সাধনত যোগৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে  যোগ দিৱসৰ অনুষ্ঠানে স্বাস্থ্য কল্যাণৰ দিশত ৰাইজক অধিক সজাগ কৰিব৷ 
এই বছৰ দিব্যাংগ, তৃতীয় লিংগৰ লোক, মহিলা আৰু শিশুসকলৰ বাবে বিশেষ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দি সোণোৱালে লগতে কয় যে এই বছৰৰ যোগ দিৱসত গাঁও পঞ্চায়তসমূহেও সক্ৰিয় অংশগ্ৰহণ কৰিব৷ ইয়াৰ বাবে উমৈহতীয়া সেৱা কেন্দ্ৰসমূহে অনুশীলন আৰু প্ৰশিক্ষণৰ প্ৰচাৰ চলাই থকা হৈছে৷ আশা কৰা হৈছে যে এইবাৰৰ যোগ দিৱসৰ কাৰ্যসূচীত গ্ৰামাঞ্চলৰ কেইবা লাখ লোকে অংশগ্ৰহণ কৰিব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,