আম খোৱাৰ পাছত ভুলতো এইবোৰ নাখাব

0
416

গ্ৰীষ্মকালত আম, জাম, কঁঠাল, লিচু আদি অনেক ৰকমৰ ফল খাবলৈ পোৱা যায়৷ বৰ্তমান সময়ত পকা আমেৰে বজাৰ ভৰি পৰিছে৷ সৰু-ডাঙৰ সকলোৰে মাজত আমৰ কদৰ আছে৷ অতি সুস্বাদু কেঁচাই হওক বা পকা আম স্বাস্থ্যৰ বাবে বেছ উপকাৰী৷ খাদ্য বিশেষজ্ঞৰ মতে আমত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন থাকে, যিয়ে পৰিপাক কাৰ্যত সহায় কৰে৷ আমৰ ডায়েটৰি ফাইবাৰ থাকে, যিয়ে কলন কেঞ্চাৰ আৰু হূদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ আম খোৱাটো যিমান উপকাৰী, ঠিক বিপৰীতে ইয়াৰ পাশ্বৰ্ক্ৰিয়াও আছে৷ যদিহে আম খোৱাৰ সঠিক নিয়ম নাজানে৷ বিশেষকৈ আম খোৱাৰ পাছত কিছুমান বস্তু খোৱাটো একেবাৰে অনুচিত৷ সেয়েহে জানো আহক আম খোৱাৰ পাছত কিবোৰ খাদ্য একেবাৰে নাখাব৷
বিশেষজ্ঞৰ মতে আম খোৱাৰ পাছত পানী খোৱা উচিত নহয়৷ ইয়াৰ ফলত পেটৰ সমস্যাই দেখা দিব পাৰে৷ পেটৰ বিষ, বজহজম, পেট ফুলা, এচিডিটি আদি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে আম খোৱাৰ পাছতেই পানী সেৱন কৰিলে৷ সেয়েহে আম খোৱাৰ আধা ঘণ্টা পাছত পানী সেৱন কৰক৷
আম খোৱাৰ পাছত দৈ একেবাৰে নাখাব৷ বিশেষজ্ঞই জনোৱা মতে আম গৰম প্ৰকৃতিৰ আৰু দৈ ঠাণ্ডা প্ৰকৃতিৰ৷ সেয়েহে এই দুবিধ একেলগে খালে স্বাস্থ্যৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে৷
পৰাপক্ষত ঠাণ্ডা পানীয়, কোল্ড ড্ৰিংকছ আদি আম খোৱাৰ পাছত নাখাব৷ আম আৰু কল্ড ড্ৰিংকছত প্ৰচুৰ পৰিমাণে চেনি থাকে, যিয়ে ডায়েবেটিছ ৰোগৰ বাবে অপকাৰী৷ আনহাতে এবিধ শীতল আৰু আনবিধ গৰম হোৱা হেতুকে পেটৰ নানা সমস্যাই দেখা দিব পাৰে৷
আপোনাৰ যদি ব্ৰুনৰ সমস্যা আছে, তেনেহ’লে মছলাজাতীয় অথবা ভজা-পোৰা খোৱাৰ সৈতে আম একেলগে নাখাব৷ বিশেষজ্ঞৰ মতে আম আৰু মছলা বা ভজা-পোৰা একেলগে খালে পেট গৰম হয়, যাৰ ফলত ব্ৰুনৰ সমস্যা অধিক ভয়াৱহ হ’ব পাৰে৷
কেৰেলা শৰীৰৰ বাবে উপকাৰী হ’লেও আম খোৱাৰ সময়ত খোৱা উচিত নহয়৷ আম খোৱাৰ পাছত কেৰেলা খালে এচিডিটিৰ সমস্যা বাঢ়ি গৈ বমি হোৱা, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা আদি সমস্যা হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here