Home Daily news মহানগৰীৰ বহু সম্ভ্ৰান্ত লোক ক’কেইন আসক্ত!

মহানগৰীৰ বহু সম্ভ্ৰান্ত লোক ক’কেইন আসক্ত!

গুৱাহাটীৰ বহু সম্ভ্ৰান্ত ঘৰৰ লোক আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী ক’কেইনৰ দুৰ্ঘোৰ আসক্ত৷ বাংলাদেশ হৈ অসমত অবৈধভাৱে প্ৰৱেশ কৰাৰ পাছতে গুৱাহাটীত ধৰা পৰা দুই নাইজেৰিয়ান ড্ৰাগ্‌ছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ জেৰাত স্বীকাৰ কৰিছে বহু বিস্ফোৰক তথ্য৷ 
তথ্য অনুসৰি বিশ্বৰ বিভিন্ন দেশৰ সৈতে সম্পৰ্কিত বাংলাদেশ আৰু ম্যানমাৰৰ ড্ৰাগ্‌ছৰ ব্যাৱসায়িক সাম্ৰাজ্যখনৰ সৈতে অসম ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে৷ 
এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ্‌ছ ব্যাৱসায়িক চক্ৰৰ ট্ৰেনজিট ৰুট হৈ পৰিছে অসম৷  অসমত ৰাজ্য চৰকাৰে নিষিদ্ধ ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰম্ভ কৰা তীব্ৰ অভিযানৰ মাজতো অসমৰ মাজেৰে নিয়মীয়াকৈ ড্ৰাগ্‌ছ সৰবৰাহ হৈ আছে৷ পাৰ্টি ড্ৰাগ্‌ছ নামেৰে জনাজাত ক’কেইনৰ মূল্য হেৰ’ইনতকৈ বহু বেছি৷ 
আন্তঃৰাষ্ট্ৰীয় বজাৰত সম্প্ৰতি প্ৰতি কেজি হেৰ’ইনৰ মূল্যই প্ৰায় আঠ কোটি টকা৷ সম্ভ্ৰান্ত লোকৰ বাহিৰে ক’কেইন সেৱন অন্যৰ বাবে এক সপোনৰ দৰে কাৰ্য৷
ইফালে নাইজেৰিয়ান ড্ৰাগ্‌ছ সৰবৰাহকাৰী দুটাই জেৰাত গুৱাহাটীৰ বহু সম্ভ্ৰান্ত ঘৰৰ লোকে ক’কেইন সেৱন কৰাৰ তথ্য আৰক্ষীক প্ৰদান কৰিছে৷ আনকি গুৱাহাটীৰ বহুকেইজন ব্যৱসায়ীৰ নাম আৰক্ষীৰ আগত লৈছে, যি ক’কেইনৰ ঘোৰ আসক্ত হৈ পৰিছে৷ 
ধৃত সৰবৰাহকাৰী দুটাৰ পৰা নিয়মীয়াকৈ ক’কেইন ক্ৰয় কৰা একাধিক পাৰ্টিৰ নাম ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে৷ শীঘ্ৰে আৰক্ষীয়ে এই ড্ৰাগ্‌ছ আসক্তসকলৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে প্ৰস্তুতি চলোৱা বুলিও জানিব পৰা গৈছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...