এক ক্ৰেট আম ৩১ হাজাৰ টকাত নিলাম

0
538

পুনেৰ এজন ব্যৱসায়ীয়ে এটা নিলামত বিখ্যাত অল্‌ফন্‌ছ’ আমৰ এটা ক্ৰেট ৩১ হাজাৰ টকাত কিনে৷ ব্যৱসায়ীজনে দাবী কৰে যে  ৫০ বছৰত এইটোৱেই আটাইতকৈ দামী ক্ৰয় [
ম’ষ্ট এক্সপেনছিভ বাই]৷ মাৰাঠী ভাষাত হাপুছ বুলি কোৱা এইবিধ আমক অন্যতম উত্তম আম বুলি গণ্য কৰা হয়৷ কৃষিজাত উৎপাদন বিপণন সমিতিৰ য়াৰ্ডলৈ অল্‌ফন্‌ছ’ আমৰ প্ৰথমটো লট অহাৰ পাছত ব্যৱসায়ীসকলে এটা নিলামত অংশ লৈছিল৷ 
ব্যৱসায়ীসকলৰ মতে, ডাক দিয়াটো এটা উল্লেখযোগ্য প্ৰথা, কাৰণ দুমাহৰ পাছত যেতিয়া আমৰ ঋতু আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব তেতিয়া ব্যৱসায় কেনেকুৱা হ’ব এই ডাকে নিৰ্ণয় কৰিব৷ 
ইউটিউবত দিয়া এটা ভিডিঅ’ত আমৰ ক্ৰেটবোৰত ফুলৰ মালা দি থোৱা আৰু জনসাধাৰণে আমবোৰৰ সন্মুখত প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা হয়৷ 
এই ঋতুত যাতে আমৰ উৎপাদন ভাল হয় তাৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰে৷ ৩১ হাজাৰ টকাত ক্ৰেটটো কিনা ব্যৱসায়ীজনে কয় যে এইবোৰ ঋতুৰ প্ৰথম আম৷
যেতিয়া প্ৰথমটো লট বজাৰলৈ আহে, সেইবোৰ এইদৰে নিলাম কৰা হয় আৰু ব্যৱসায়ীসকলে সেইবোৰ ল’বলৈ হেতা-ওপৰা লগায়৷ তেওঁ কয় যে আমৰ প্ৰথমটো লট সদায় ভাল হয়, কাৰণ ই ব্যৱসায়ীসকলক পাইকাৰী বজাৰত বেছি দাম পোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here