Home Daily news মহানগৰীত মাত্ৰ ৩০ শতাংশইহে ঘৰুৱা নলৰ পানী পায়

মহানগৰীত মাত্ৰ ৩০ শতাংশইহে ঘৰুৱা নলৰ পানী পায়

গুৱাহাটীত খোৱাপানীৰ সংকট সম্পৰ্কে আলোচনাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আমবাৰীৰ  চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত বিভিন্ন নাগৰিক সংস্থা আৰু উন্নয়ন সমিতিসমূহৰ এখন প্ৰতিনিধিত্বমূলক যৌথ সভা অনুষ্ঠিত কৰা হয়৷ ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ প্ৰাক্তন উপ-সঞ্চালকপ্ৰধান দীপক গোস্বামীৰ লগতে সভাখনত মহানগৰৰ বিভিন্ন নাগৰিক সংস্থা আৰু উন্নয়ন সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি খোৱাপানী সংকটৰ সমাধানৰ দাবীত সন্মিলিত প্ৰচেষ্টা সম্পৰ্কে আলোচনা কৰে৷ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত অসম চৰকাৰৰ নগৰ পানীযোগান আৰু পয়ঃপ্ৰণালী ব’ৰ্ডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা সত্যব্ৰত শৰ্মাই মহানগৰৰ পানীযোগান আঁচনিকেইখনৰ শেহতীয়া অৱস্থা তথ্য সহকাৰে দাঙি ধৰে৷ ৰাজ্য চৰকাৰে গুৱাহাটীত চাৰিটা পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল৷ এইকেইটাৰ ভিতৰত ২০০৯ চনত দক্ষিণ-পশ্চিম গুৱাহাটী প্ৰকল্প, ২০১১ চনত দক্ষিণ-মধ্য গুৱাহাটী প্ৰকল্প, ২০১১ চনত উত্তৰ গুৱাহাটী প্ৰকল্প আৰু ২০১৬ চনত দক্ষিণ-পূব গুৱাহাটী প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল৷ কিন্তু  সেইবোৰ আজিলৈকে অসম্পূৰ্ণ হৈ আছে৷ গুৱাহাটীৰ প্ৰায় তিনি লাখ পৰিয়ালৰ মাত্ৰ ৩০ শতাংশ লোকে ঘৰুৱা নলৰ পানী পাই আছে৷ বাকীবোৰ পৰিয়াল ব্যক্তিগত পানী যোগানকৰ্তা বা টিউবৱেলৰ ওপৰত নিৰ্ভৰশীল৷ ইতিমধ্যে গভীৰ নলীনাদ বা ডিপ টিউবৱেলৰ পানীৰ স্তৰ হাজাৰ ফুটৰ তললৈ নামিল আৰু অত্যন্ত ব্যয়বহুল হ’ল৷  বিভিন্ন সংগঠনৰ প্ৰতিনিধিবৰ্গই গুৱাহাটীত খোৱাপানীৰ সংকটৰ সমাধানৰ দাবীত চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগৰ বাবে মহানগৰখনৰ বিভিন্ন নাগৰিক সংস্থা আৰু উন্নয়ন সমিতিবোৰক একত্ৰিত কৰি সকলোৰে মাজত আলোচনা সাপেক্ষে যৌথ কৰ্মসূচী গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়ায়৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...