Home Daily news মহানগৰীত বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল

মহানগৰীত বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল

পৌৰ নিগম কৰ্তৃপক্ষই বেচৰকাৰী সংস্থাৰ দ্বাৰা ঘৰে ঘৰে সংগ্ৰহ কৰা আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা জাবৰৰ বাবত নিৰ্ধাৰণ কৰা মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অৱশ্যে বৰ্তমানলৈ এই  সিদ্ধান্ত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই কাৰ্যকৰী কৰা নাই যদিও অতি সোনকালে কাৰ্যকৰী কৰা হ’ব বুলি জানিব পৰা গৈছে৷ 
যোৱা দুবছৰত ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু  জাবৰ সংগ্ৰহ কৰা বেচৰকাৰী সংস্থাবোৰৰ হেঁচাতেই পৌৰ নিগম কৰ্তৃপক্ষই এই মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ২০১৪ চনতে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বেচৰকাৰী সংস্থাৰ দ্বাৰা ঘৰে ঘৰে সংগ্ৰহ কৰা আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা জাবৰ সংগ্ৰহ কৰাৰ মাচুল বৃদ্ধি নিৰ্ধাৰণ কৰিছিল৷ 
সেই মাচুল যোৱা ৭-৮ বছৰে বৃদ্ধি কৰা হোৱা নাই৷ এতিয়া জাবৰ নিষ্কাশনৰ কাম পূৰ্বতকৈ ভালকৈ কৰাৰ বাবে জাবৰ সংগ্ৰহৰ মাচুল সামান্যহে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ আনহাতে এইবাৰৰ পৰা মহানগৰৰ আত্মসহায়ক গোটসমূহক জাবৰ সংগ্ৰহৰ দায়িত্ব দিয়া হ’ব বুলি উল্লেখ কৰি এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ইতিমধ্যে নিবিদা আহ্বান কৰাৰ কাম সম্পন্ন কৰিছে বুলিও গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে৷ 
উল্লেখ্য যে মহানগৰৰ প্ৰতিঘৰ মানুহৰ পৰা সংগ্ৰহ কৰা জাবৰৰ বাবত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বেচৰকাৰী সংস্থাৰ দ্বাৰা ৩০ টকা মাচুল আদায় কৰিছিল৷ এতিয়া এই মাচুলৰ পৰিমাণ ৫০ টকাপৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ তেনেদৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা জাবৰৰ বাবত মাচুল ২০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...