যোৰহাট মেডিকেল কলেজ হ’ব ‘ষ্ট্ৰ’ক ৰেডী হস্পিটেল’

0
792

অহা জুন মাহৰ ভিতৰত যোৰহাট মেডিকেল কলেজক ষ্ট্ৰ’ক ৰেডী হস্পিটেল কৰা হ’ব৷ অৰ্থাৎ যিকোনো ষ্ট্ৰ’ক হৈ যোৱা ব্যক্তিক নূ্যনতম সময়ত প্ৰয়োজনীয় অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান কৰা হ’ব৷ 
তাতোকৈ ডাঙৰ কথা এয়ে যে এজন ষ্ট্ৰ’ক হোৱা ব্যক্তিৰ যিখিনি পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতে ৰোগীৰ জীৱনৰ প্ৰতিয়েই টনাটনি হৈ যায় সেই পৰীক্ষাবোৰ থিতাতে কৰি আৰু প্ৰয়োজন সাপেক্ষে মনিটৰতে চাই চিকিৎসকে অতি কম সময়ৰ ভিতৰত চিকিৎসা সেৱা প্ৰদান কৰিব৷ 
যি সময়ত ৰোগীৰ জীৱনৰ প্ৰতি সংকট আহি পৰা এনে জৰুৰীকালীন সময়ত একাংশ ব্যক্তিগত চিকিৎসালয়ে মানুহৰ সৰ্বস্ব লুটি দিবলৈ তৎপৰ হৈ থাকে সেই সময়ত যোৰহাট মেডিকেলত আৰম্ভ হ’ব লগা এই ব্যৱস্থাই নিশ্চিতৰূপে সকলো স্তৰৰ মানুহক ব্যাপক ৰূপত উপকৃত কৰিব৷ 
যোৰহাট মেডিকেল কলেজৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই জানিবলৈ দিয়া মতে, কলেজখনৰ পৰিৱৰ্তিত ৰূপৰ ফলত অ’ পি ডি ৰোগীৰ সংখ্যা ৩০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে৷ আনহাতে এই বছৰটো৷ উল্লেখযোগ্য যে কভিডৰ পাছত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২৪ ঘণ্টাই জৰুৰীকালীন চিকিৎসা ইতিমধ্যেই মেডিকেল কলেজখনত আৰম্ভ কৰা হৈছে আৰু কেজুৱেলিটি বিভাগত এতিয়া এই সেৱা চলি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here