Home Daily news মহানগৰীত পাইপলাইনেৰে নিষ্কাশন কৰিব জুলীয়া আৱৰ্জনা

মহানগৰীত পাইপলাইনেৰে নিষ্কাশন কৰিব জুলীয়া আৱৰ্জনা

অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ তথা অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত আয়োজিত এক কৰ্মশালাত বহনক্ষম নগৰ উন্নয়নৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ মাজৰে বৈ যোৱা নদী আৰু জলাশয় তথা আদ্ৰৰ্্যভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে বিজ্ঞানসন্মত সমাধানসূত্ৰ অন্বেষণৰ বাবে হোৱা দিনজোৰা আলোচনাত বহুসংখ্যক বিশেষজ্ঞ আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ এই গুৰুত্বপূৰ্ণ কৰ্মশালাত আগবঢ়োৱা নিজৰ বক্তব্যত মন্ত্ৰী অশোক সিংঘালে কয় যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত চাৰিওদিশে নীলা পাহাৰেৰে আৱৰা গুৱাহাটী চহৰখন হৈছে আমাৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰ৷ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে মহানগৰীখনৰ সম্প্ৰসাৰণৰ বাবে বহুখিনি প্ৰচেষ্টা হাতত লৈছে আৰু এই প্ৰয়াস সাৰ্থক হ’লেহে চহৰখনে মুকলিকৈ উশাহ ল’ব পাৰিব৷ আনহাতে গুৱাহাটীৰ মাজেৰে বৈ যোৱা বশিষ্ঠ-বাহিনী আৰু ভৰলু নদীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰাইজৰ সহযোগ অবিহনে চৰকাৰৰ কোনো আঁচনিয়েই সফল হ’ব নোৱাৰে৷ 
মহানগৰীৰ সামগ্ৰিক বিকাশৰ বাবে চহৰখনৰ প্ৰতিগৰাকী নাগৰিকে জাবৰ-জোঁথৰ পেলোৱা আদি বিভিন্ন দিশত সচেতনতাৰ পৰিচয় দিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে আৱৰ্জনা পৰিশোধনৰ বাবে চৰকাৰে হাতত লোৱা প্ৰকল্পসমূহ কাৰ্যত ৰূপায়িত হ’লে অতি সোনকালেই চহৰখনৰ ৫০-৭০ শতাংশ আৱৰ্জনাৰ পৰিশোধন সম্ভৱ হৈ উঠিব৷ মহানগৰৰ মাজেৰে বৈ যোৱা বশিষ্ঠ-বাহিনী, ভৰলু আদি নৈ-জান-জুৰিয়ে চহৰখনৰ আৱৰ্জনা, মল-মূত্ৰ আদি কঢ়িয়াই নিয়াৰ ফলত নদীকেইখনৰ অপমৃত্যু ঘটাৰ উপক্ৰম হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংঘালে চলিত বিত্তীয় বৰ্ষৰ শেহৰফালে চৰকাৰে মহানগৰৰ জুলীয়া আৱৰ্জনা নিষ্কাশনৰ বাবে আণ্ডাৰগ্ৰাউণ্ড পাইপলাইনৰ নিবিদা প্ৰক্ৰিয়া আগবঢ়াব পাৰিব আৰু এই পাইপলাইনৰ কাম সম্পূৰ্ণ হ’লেই এই নদীকেইখনৰ প্ৰদূষণ যথেষ্ট হ্ৰাস পাব বুলি তেওঁ আশা ব্যক্ত কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,