সুখবৰ : ৰাজ্যত জোৱাৰ খেতি কৰাৰ বাবে সিদ্ধান্ত

0
243

ৰাজ্যৰ কৃষকসকলৰ বাবে সুখবৰ৷ ৰাজ্য চৰকাৰখনে কৃষি  ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে অসমত জোৱাৰ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ‘অসম জোৱাৰ অভিযান’ নামৰ এখন আঁচনি গ্ৰহণ  কৰা হৈছে৷ সাত বছৰীয়া এই অভিযানৰ আৰম্ভণি হ’ব ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰাই৷ উল্লেখ্য যে ভাৰত চৰকাৰে জোৱাৰ শস্য আৰু খেতিৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰেও ২০২৩ বৰ্ষটো জোৱাৰ বৰ্ষ হিচাপে পালন কৰিবলৈ সাজু হৈছে৷ অসম জোৱাৰ অভিযান’ৰ অধীনত জোৱাৰ উৎপাদন কৰাই নহয় এই শস্যৰ বজাৰ তথা ন্যূনতম সমৰ্থন মূল্যও চৰকাৰে নিৰ্ধাৰণ কৰি দিব৷ আজিৰ তাৰিখত ব্যক্তিগত প্ৰচেষ্টাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেতিয়কসকলে জোৱাৰ খেতি কৰি আছে যদিও ৰাজ্য চৰকাৰে আৰম্ভ কৰিব লগীয়া এই অভিযানে আৰম্ভণিতে ১৫খন জিলাক সামৰি ল’ব৷ 
আনকি ৰাজ্য চৰকাৰখনে এই অভিযানৰ জৰিয়তে  উৎপাদিত খাদ্য অসম সৰ্বশিক্ষা অভিযানৰ অধীনত পি এম পোষণ আঁচনিৰ যোগেদি বিদ্যালয়সমূহত যোগান ধৰাৰো পৰিকল্পনা কৰিছে৷ একেদৰে এই উৎপাদিত খাদ্য সম্ভাৰ অংগনৱাড়ী কেন্দ্ৰতো যোগান ধৰা হ’ব৷ জানিব পৰা মতে, এই অভিযানৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন প্ৰতিষ্ঠিত সমিতি আৰু সংস্থালৈ ৰাজ্য চৰকাৰখনে পত্ৰ প্ৰেৰণ কৰিছে৷ হায়দৰাবাদৰ আই চি আৰ আই এছ এ টিৰ পৰা কাৰিকৰী সহায় বিচৰা হৈছে আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ মিলেটছ ৰিছাৰ্চক এই অভিযানৰ সফল ৰূপায়ণৰ বাবে পৰাৰ্মশদাতা হিচাপে অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here