ভেক্‌চিনৰ দুয়োটা ড’জ কিমান শতাংশ সুৰক্ষিত?

0
1065
পঞ্জাবৰ আৰক্ষীৰ লোকসকলক লৈ চলোৱা এটা অধ্যয়নৰ কথা উল্লেখ কৰি কেন্দ্ৰই কয় যে কভিড-১৯ৰ ভেক্‌চিনৰ দুয়োটা ড’জে মহামাৰীৰ পৰা হ’ব পৰা মৃত্যুৰ পৰা প্ৰায় ৯৮ শতাংশ সুৰক্ষা দিয়ে৷ আনহাতে ভেকচিনৰ এটা ড’জ ল’লে প্ৰায় ৯২ শতাংশ সুৰক্ষা দিয়ে৷ পঞ্জাব চৰকাৰৰ সহযোগত অধ্যয়নটো চলাইছিল চণ্ডীগড়ৰ Post Graduate Institute of Medical Education & Research চমুকৈ PGIMR-এ৷ অধ্যয়নটোৰ তথ্য দাঙি ধৰি নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে কয় যে আৰক্ষীৰ ৪৮৬৮জন লোকে ভেক্‌চিন লোৱা নাছিল আৰু তেওঁলোকৰ ভিতৰত ১৫জনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়৷ আনহাতে ভেক্‌চিনৰ দুয়োটা ড’জ লোৱা ৪২,৭২০জনৰ ভিতৰত মৃত্যু হয় মাত্ৰ দুজনৰ৷ অৰ্থাৎ প্ৰতি হাজাৰত ০.০৫ জন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here