Home Daily news ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালী জীৱনৰ এক সামগ্ৰিক বিজ্ঞান : মোদী

ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালী জীৱনৰ এক সামগ্ৰিক বিজ্ঞান : মোদী

ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰ্যালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত বিশ্বৰ প্ৰথমটো পৰম্পৰাগত ঔষধৰ কেন্দ্ৰ স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান ড॰ টেড্ৰোছ আধানোম গেব্ৰিয়েছাছ, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বহু প্ৰতীক্ষিত কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন অনুষ্ঠান সমাপন হয়৷ 
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ বিশ্ব কেন্দ্ৰৰ প্ৰাথমিক উদ্দেশ্য হৈছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সুপ্ৰয়োগৰ জৰিয়তে সমগ্ৰ বিশ্বত পৰম্পৰাগত ঔষধ আৰু চিকিৎসা প্ৰণালীৰ সম্ভাৱনাক ব্যৱহাৰ কৰা আৰু মানৱ সমাজৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰা৷ এই কেন্দ্ৰই পৰম্পৰাগত ঔষধৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিব আৰু ইয়াৰ সুৰক্ষিত তথা কাৰ্যকৰী ব্যৱহাৰৰ বাবে প্ৰযুক্তিগত উন্নতিত গুৰুত্ব প্ৰদান কৰিব৷ 
মানৱ সমাজৰ কল্যাণৰ হেতুকে সমৰ্পিত বিশ্ব কেন্দ্ৰটোৰ বাবে ভাৰত চৰকাৰৰ পৰা প্ৰায় ২৫০ মিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ আগবঢ়োৱা হৈছে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত ঔষধ আৰু চিকিৎসা প্ৰণালীৰ ক্ষেত্ৰত ভাৰতৰ অনবদ্য অৱদান আৰু সুদূৰপ্ৰসাৰী ভূমিকাৰ কথা উল্লেখ কৰে৷ 
প্ৰধানমন্ত্ৰীয়ে ভাৰতক উদ্ভাৱন আৰু প্ৰমাণ-আধাৰিত গৱেষণাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰে৷ তেওঁ লগতে কয় যে ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালী কেৱল চিকিৎসাতে সীমাবদ্ধ নহয়, ই জীৱনৰ এক সামগ্ৰিক বিজ্ঞান৷ 
আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান গেব্ৰিয়েছাছে কভিড-১৯ৰ পিছৰ বিশ্বত পৰম্পৰাগত ঔষধৰ বৰ্ধিত জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে ভাৰতৰ দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ প্ৰশংসা কৰে৷ 
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে পৰম্পৰাগত ঔষধৰ বাবে গোলকীয় কেন্দ্ৰ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্যৰ সৈতে সংযোজিত৷ বিশ্ববাসীৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন আৰু কল্যাণ সাধনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই কেন্দ্ৰই বিশ্বব্যাপী মানৱ স্বাস্থ্য উন্নত কৰাৰ লক্ষ্য ৰাখিছে৷ গোলকীয় কেন্দ্ৰটোৰ জৰিয়তে কেৱল ভাৰতীয়সকলৰ সুস্বাস্থ্যৰ আধাৰ সবল কৰাই নহয়, বিশ্বজুৰি মানৱ স্বাস্থ্য উন্নত কৰাৰ এয়া এক আন্তৰিক আৰু শক্তিশালী প্ৰচেষ্টা৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,