Home Daily news ভাৰতৰ নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত দাৰিদ্ৰ্য হ্ৰাস

ভাৰতৰ নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত দাৰিদ্ৰ্য হ্ৰাস

ভাৰতত চৰম দাৰিদ্ৰ্য ২০১১ চনতকৈ ২০১৯ চনত ১২.৩ শতাংশ কমে৷ দেশখনত দাৰিদ্ৰ্যৰ হাৰ ২০১১ চনত আছিল ২২.৫ শতাংশ আৰু ২০১৯ চনত ১০.২ শতাংশলৈ হ্ৰাস পায়৷ তুলনামূলকভাৱে গ্ৰামাঞ্চলবোৰত দাৰিদ্ৰ্য যথেষ্ট হ্ৰাস পায়৷ 
বিশ্ব বেংকৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ উল্লেখ্য যে ভাৰতত চৰম দাৰিদ্ৰ্য প্ৰায় নিৰ্মূল হোৱা বুলি আন্তঃৰাষ্ট্ৰীয় বিত্ত নিধি চমুকৈ আই এম এফ-এ অলপতে প্ৰকাশ কৰাৰ ঠিক পাছতে বিশ্ব বেংকেও একে কথাকে কয়৷ আই এম এফে কৈছিল যে ভাৰতে চৰকাৰী খাদ্য যোগান আঁচনিবোৰৰ যোগেদি খাদ্য অসমতা ৪০ বছৰত সৰ্বনিম্ন পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছে৷
বিশ্ব বেংকৰ পলিচি ৰিছাৰ্চৰ এখন ৱৰ্কিং পেপাৰত কোৱা হৈছে যে ভাৰতৰ নগৰাঞ্চলবোৰৰ তুলনাত গ্ৰাম্য অঞ্চলবোৰত দাৰিদ্ৰ্য হ্ৰাস পোৱাটো বেছি৷ গ্ৰাম্য অঞ্চলবোৰত দাৰিদ্ৰ্য ২০১১ চনত আছিল ২৬'৩  আৰু ২০১৯ চনত ১১.৬ শতাংশলৈ কমে৷ 
আনহাতে একে সময়ছোৱাত নগৰাঞ্চলবোৰত দাৰিদ্ৰ্য ১৪.২ শতাংশৰ পৰা ৬.৩ শতাংশলৈ কমে৷ ২০১১-২০১৯ চনৰ ভিতৰত গ্ৰাম্য আৰু নগৰ অঞ্চলবোৰত দাৰিদ্ৰ্য ক্ৰমে ১৪.৭ শতাংশ আৰু ৭’৯ শতাংশ কমে৷ 
অৱশ্যে ৱৰ্কিং পেপাৰখনত কোৱা হৈছে, ভাৰতত বিগত দশকটোত দাৰিদ্ৰ্য হ্ৰাস পাইছে যদিও পূৰ্বতে ভবাৰ দৰে বৰ বেছি নহয়৷ পেপাৰখন যুটীয়াভাৱে লিখিছে অৰ্থনীতিবিদ সুতীৰ্থ সিনহা ৰয় আৰু ৰয় ভান ডাৰ ৱেইডে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,