১০০ শতাংশ পানী যোগানেৰে দেশৰ শীৰ্ষত গোৱা

0
331

দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জলজীৱন মিছন আঁচনিখন প্ৰকৃতাৰ্থত এতিয়াও অসমত চালুকীয়া অৱস্থাতেই আছে৷ জলজীৱন মিছন আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ৰাজ্যসমূহৰ তালিকাত অসম শেষৰ পৰা ৭ নম্বৰত আছে৷ এশ শতাংশ পানী যোগান ধৰিবলৈ সক্ষম হোৱা ৰাজ্যসমূহৰ শীৰ্ষত আছে গোৱা, তেলেংগানা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পুডুচেৰী, দমন আৰু ডিউ, হাৰিয়ানা৷ 
এই ৰাজ্যকেইখনৰ বাহিৰে পঞ্জাব, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ আৰু বিহাৰত ৯০ শতাংশতকৈ অধিক পৰিয়ালক সংযোগ দি পানী যোগান ধৰা হৈছে৷ ইতিমধ্যে সেই ৰাজ্যখনত ৯৯.৬৪ শতাংশ লোকক জলজীৱন আঁচনিৰ সংযোগ দিয়া কাৰ্য সম্পন্ন হৈছে৷ 
ইফালে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে ছিকিম৷ ছিকিমৰ ১.০৫,০৬৩টা পৰিয়ালৰ ভিতৰত ৮৮,৮৪৪টা পৰিয়ালৰ পানীৰ সংযোগ দিয়া সম্পন্ন হৈছে৷ ছিকিমত ৮৪.৫৬ শতাংশ পৰিয়ালক পানী যোগান ধৰাৰ পথ মুকলি হৈছে৷ 
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অৰুণাচল প্ৰদেশত ৬৬.২২ শতাংশ, মণিপুৰত ৬৬.০৯ শতাংশ, মিজোৰামত ৬০.৭৮ শতাংশ, ত্ৰিপুৰাত ৫০.৩৩ শতাংশ, নগালেণ্ডত ৪২ শতাংশ আৰু অসমত মাত্ৰ ৩৭ শতাংশ পৰিয়ালৰ ঘৰতহে পানী যোগান ধৰাৰ আন্তঃগাঁথনি সম্পন্ন কৰা হৈছে৷ সামগ্ৰিকভাৱে দেশৰ বহুকেইখন ৰাজ্যৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চল এই আঁচনিখন ৰূপায়ণত বহু পিছপৰি আছে আৰু অসম উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতকৈ পিছপৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here