মগু দাইলৰ এনে কি আছে অসাধাৰণ গুণ

0
1500

মগু দাইল সকলোৱে প্ৰিয় এবিধ খাদ্য৷ এই দাইল যিমান সুস্বাদু, সিমানেই ইয়াৰ আছে উপকাৰিতা৷ দীৰ্ঘকাল ধৰি ভাৰতীয়সকলে খাদ্য তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰি আহিছে৷ মগু দাইলৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷ 

(১) মগু দাইলত কেলৰি, প্ৰ’টিন, ফাইবাৰ, মেংগানিজ, মেগনেচিয়াম, ভিটামিন-বিৰ, ফচফৰাছ, আইৰন, কপাৰ, পটাচিয়াম, জিংক, ভিটামিন-বি২, ভিটামিন-বি৩, ভিটামিন-বি৫, ভিটামিন-বি৬, চেলেনিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ শৰীৰত স্বাভাৱিকভাৱে যি এমিন’ এচিড প্ৰস্তুত হয়, তাৰ নাটনি পূৰণ কৰে মগু দাইলে৷
(২) মগু দাইলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে হাৰ্টৰ বিভিন্ন সমস্যা, কেঞ্চাৰ, পেটৰ ৰোগ আদি প্ৰতিৰোধ কৰাত সহায় কৰে৷
(৩) গৰমৰ দিনত মগু দাইল খোৱা অত্যন্ত প্ৰয়োজন৷ কিয়নো মগু দাইলে শৰীৰৰ তাপমাত্ৰা কমাত সহায় কৰে৷ ফলস্বৰূপে গৰমৰ দিনত নিয়মিত মদু দাইল খোৱাৰ ফলত হিট ষ্ট্ৰকৰ সম্ভাৱনা কমি থাকে৷
(৪) মগু দাইলে শৰীৰৰ ক্ষতিকাৰক কলেষ্টৰেলৰ মাত্ৰা কমোৱাত সহায় কৰে৷ ফলত হাৰ্ট ভালে থাকে৷
(৫) এই দাইলত প্ৰচুৰ পৰিমাণে পটেচিয়াম, মেগনেচিয়াম, ফাইবাৰ থাকে বাবে ৰক্তচাপ কমোৱাত সহায় কৰে৷ সেয়েহে যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে নিয়মিতভাৱে মগু দাইল খোৱা উচিত৷
[৬] মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে হজমৰ সমস্যা নিৰাময় হয়৷ ইয়াত পেকটিন পোৱা যায় কাৰণে খাদ্য সোনকালে হজম হোৱাত সহায়ক হয়৷
(৭) মহিলাসকলৰ অন্তঃসত্ত্বা অৱস্থাত মগু দাইল খালে গৰ্ভজাত সন্তানৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগায়৷ কিন্তু এই সময়ছোৱাৰ কেঁচা মগু খোৱা উচিত নহয়, কিয়নো কেঁচা মগুত থকা বেক্টেৰিয়াৰ ফলত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here