ভাৰতত পুষ্টিহীন লোকৰ সংখ্যা হ্ৰাস পাইছে৷ ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ আনহাতে ভাৰতত মেদবহুল প্ৰাপ্তবয়স্ক আৰু ৰক্তহীন মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অব্ ফুড ছিকিউ’ৰিটি এণ্ড নিউট্ৰেশ্যন ইন দ্য ৱৰ্ল্ড, ২০২২’ নামৰ প্ৰতিবেদনখনত এই কথা কোৱা হৈছে৷ এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠন, কৃষি উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় নিধি, ইউনিচেফ, বিশ্ব খাদ্য আঁচনি আৰু বিশ্ব স্বাস্থ্য সংস্থাই৷
প্ৰতিবেদনত কোৱা হৈছে যে ২০২১ চনত বিশ্বত ৭৬.৮ কোটি লোক পুষ্টিহীনতাত ভুগিছিল৷ ইয়াৰে ২২.৪ কোটি অৰ্থাৎ এক চতুৰ্থাংশতকৈ বেছি ভাৰতীয়৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত পাঁচ বছৰৰ তলৰ কঁটীয়া লগা শিশুৰ সংখ্যাও হ্ৰাস পাইছে৷ তেনেদৰে পাঁচ বছৰৰ তলৰ বেছি শকত শিশুৰ সংখ্যাও ২০২০ চনৰ ৩ কোটিৰ পৰা ২০২০ চনত ২.২ কোটিলৈ হ্ৰাস পালে৷ কিন্তু ১.৩৮ বিলিয়ন জনসংখ্যাৰ প্ৰাপ্তবয়স্কৰ মাজত মেদবহুল লোকৰ সংখ্যা ২০১২ চনত ২.৫২ কোটি থকাৰ বিপৰীতে ২০১৬ চনত ৩.৪৩ কোটিলৈ বৃদ্ধি পালে৷
ইফালে ১৫ বছৰৰ কিশোৰীৰ পৰা ৪৯ বছৰৰ মহিলাৰ মাজত ৰক্তহীনতাত আক্ৰান্তৰ সংখ্যা ২০১২ চনৰ ১৭.১৫ কোটিৰ পৰা ২০১৯ চনত ১৮.৭৩ কোটিলৈ বৃদ্ধি পালে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে স্বাস্থ্যকৰ আহাৰ ক্ৰয় কৰি খোৱাৰ সামৰ্থ্য থকা লোকৰ সংখ্যা ২০১৯ চনৰ ৬৯.৪ শতাংশৰ বিপৰীতে ২০২০ চনত ৭০.৫ শতাংশ হয়৷
উল্লেখ্য যে স্বাস্থ্যকৰ আহাৰ ক্ৰয় কৰি খোৱাৰ সামৰ্থ্য থকা লোকৰ সংখ্যাৰ গড. এছিয়াত হ’ল ৪৩.৫ শতাংশ আৰু আফ্ৰিকাত হ’ল ৮০ শতাংশ৷ প্ৰতিবেদনখনত কোৱা হৈছে যে বিশ্বত ক্ষুধাৰ কবলত পৰা লোকৰ সংখ্যা ২০২১ চনত ৭৬.৮ কোটিলৈ বৃদ্ধি পাইছে৷ ই হৈছে ২০২০ চনৰ পৰা ৪.৬ কোটি আৰু ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পৰা ১৫ কোটি বেছি৷ বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ ৯.৮ শতাংশ লোক ক্ষুধাতুৰ
ভাৰতত বিশ্বৰ কিমান শতাংশ পুষ্টিহীন লোক আছে
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.