মাংকি পক্সৰ বাবে ৰাজ্যত হাই এলাৰ্ট জাৰি

0
288

ৰাজ্যত মাংকি পক্সৰ বাবে স্বাস্থ্য বিভাগে হাই এলাৰ্ট জাৰি কৰিছে৷ অৱশ্যে স্বাস্থ্য বিভাগ এই ৰোগ প্ৰতিৰোধৰ বাবে সষ্টম হৈ থকা বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সদৰী কৰে৷ মন্ত্ৰীজনে কয় যে শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত মাংকি পক্স ৰোগে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে৷ কেৰালাত দেশৰ প্ৰথমজন মাংকি পক্সত আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছে৷ 
তেনে সময়ত অসমৰ স্বাস্থ্য বিভাগ এই ৰোগ প্ৰতিৰোধৰ বাবে সাজু হৈ আছে৷ লক্ষণ দেখা পালেই এই ৰোগৰ তাৎক্ষণিক চিকিৎসা কৰা হ’ব বুলিও মন্ত্ৰীজনে সদৰী কৰে৷ কেন্দ্ৰৰ নিৰ্দেশৰ পাছত ৰাজ্য চৰকাৰ সতৰ্ক হৈ আছে বুলি তেওঁ কয়৷ আনহাতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে হাতে-কামে লাগি থকা বুলি তেওঁ সদৰী কৰে৷ ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ 
অসমত এই ৰোগত আক্ৰান্ত হৈ এইপৰ্যন্ত বহুকেইজন লোক মৃত্যুমুখত পৰিছে৷ বিশেষকৈ বানাক্ৰান্ত এলেকাত এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত এইপৰ্যন্ত ৩২০ গৰাকী লোক আক্ৰান্ত হৈছে৷ ইয়াৰে ৫১ গৰাকী লোক মৃত্যুমুখত পৰা বুলি তেওঁ সদৰী কৰে৷ প্ৰাথমিক পৰ্যায়তে যাতে এই ৰোগ ধৰা পেলাই সঠিক চিকিৎসা কৰিব পৰা যায়, তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰা বুলিও তেওঁ সদৰী কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here