ভাৰতত বিশ্বৰ কিমান শতাংশ পুষ্টিহীন লোক আছে

0
203

ভাৰতত পুষ্টিহীন লোকৰ সংখ্যা হ্ৰাস পাইছে৷ ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ আনহাতে ভাৰতত মেদবহুল প্ৰাপ্তবয়স্ক আৰু ৰক্তহীন মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অব্‌ ফুড ছিকিউ’ৰিটি এণ্ড নিউট্ৰেশ্যন ইন দ্য ৱৰ্ল্ড, ২০২২’ নামৰ প্ৰতিবেদনখনত এই কথা কোৱা হৈছে৷ এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠন, কৃষি উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় নিধি, ইউনিচেফ, বিশ্ব খাদ্য আঁচনি আৰু বিশ্ব স্বাস্থ্য সংস্থাই৷ 
প্ৰতিবেদনত কোৱা হৈছে যে ২০২১ চনত বিশ্বত ৭৬.৮ কোটি লোক পুষ্টিহীনতাত ভুগিছিল৷ ইয়াৰে ২২.৪ কোটি অৰ্থাৎ এক চতুৰ্থাংশতকৈ বেছি ভাৰতীয়৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত পাঁচ বছৰৰ তলৰ কঁটীয়া লগা শিশুৰ সংখ্যাও হ্ৰাস পাইছে৷ তেনেদৰে পাঁচ বছৰৰ তলৰ বেছি শকত শিশুৰ সংখ্যাও ২০২০ চনৰ ৩ কোটিৰ পৰা ২০২০ চনত ২.২ কোটিলৈ হ্ৰাস পালে৷ কিন্তু ১.৩৮ বিলিয়ন জনসংখ্যাৰ প্ৰাপ্তবয়স্কৰ মাজত মেদবহুল লোকৰ সংখ্যা ২০১২ চনত ২.৫২ কোটি থকাৰ বিপৰীতে ২০১৬ চনত ৩.৪৩ কোটিলৈ বৃদ্ধি পালে৷ 
ইফালে ১৫ বছৰৰ কিশোৰীৰ পৰা ৪৯ বছৰৰ মহিলাৰ মাজত ৰক্তহীনতাত আক্ৰান্তৰ সংখ্যা ২০১২ চনৰ ১৭.১৫ কোটিৰ পৰা ২০১৯ চনত ১৮.৭৩ কোটিলৈ বৃদ্ধি পালে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে স্বাস্থ্যকৰ আহাৰ ক্ৰয় কৰি খোৱাৰ সামৰ্থ্য থকা লোকৰ সংখ্যা ২০১৯ চনৰ ৬৯.৪ শতাংশৰ বিপৰীতে ২০২০ চনত ৭০.৫ শতাংশ হয়৷ 
উল্লেখ্য যে স্বাস্থ্যকৰ আহাৰ ক্ৰয় কৰি খোৱাৰ সামৰ্থ্য থকা লোকৰ সংখ্যাৰ গড. এছিয়াত হ’ল ৪৩.৫ শতাংশ আৰু আফ্ৰিকাত হ’ল ৮০ শতাংশ৷ প্ৰতিবেদনখনত কোৱা হৈছে যে বিশ্বত ক্ষুধাৰ কবলত পৰা লোকৰ সংখ্যা ২০২১ চনত ৭৬.৮ কোটিলৈ বৃদ্ধি পাইছে৷ ই হৈছে ২০২০ চনৰ পৰা ৪.৬ কোটি আৰু ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পৰা ১৫ কোটি বেছি৷  বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ ৯.৮ শতাংশ লোক ক্ষুধাতুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here