Home Daily news বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প মুকলি : ক’ত ?

বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প মুকলি : ক’ত ?

সমগ্ৰ পৃথিৱীৰ ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হোৱাৰ ফলত ভৱিষ্যতে মানৱ সমাজৰ জল সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ভৱিষ্যতে দেখা দিব পৰা পানীৰ সমস্যা দূৰ কৰা আৰু পৌৰসভা তথা নগৰ এলেকাত কৃত্ৰিম বানপানী দূৰ কৰিবলৈ যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ বলিষ্ঠ পদক্ষেপত যোৰহাটত বৰষুণৰ পানী ভূগৰ্ভত সংস্থাপন ব্যৱস্থা গ্ৰহণ কৰিছে৷ যোৰহাটৰ পুৰণা চিভিল হস্পিটেলৰ চৌহদত থকা অব্যৱহৃত গভীৰ নলীনাদটো বৰষুণৰ পানী সংৰক্ষণৰ দ্বাৰা ভূগৰ্ভৰ পানী পুনৰভৰণ কৰাৰ ব্যৱস্থাটো শুভাৰম্ভ কৰা হয়৷ ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হোৱাৰ কাৰণেই গভীৰ নলীনাদটো বিকল হৈ থাকিব পাৰে৷ আনহাতে বৰষুণৰ পানী যাতে ঘৰৰ চালৰ পৰা মাটিত পৰি বানপানীৰ সৃষ্টি নহয় এই ব্যৱস্থাৰে ইয়াকো নাইকিয়া কৰিব৷ পুৰণা হাস্পতালৰ চৌহদৰ গভীৰ নলীনাদটো দুয়োফালৰ বৰষুণৰ পানী গোটাই আনি পাইপৰ জৰিয়তে গভীৰ নলীনাদটোত সুমুওৱাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ বৰষুণৰ পানী সংৰক্ষণৰ দ্বাৰা ভূগৰ্ভৰ পানী পুনৰভৰণৰ প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ই এক সময় উপযোগী আঁচনি বুলি অভিহিত কৰে৷ লক্ষণীয় যে উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ তৎপৰতাত বৰষুণৰ পানী সংৰক্ষণ কৰি সেই পানী বিশুদ্ধকৰণৰ দ্বাৰা উপভোক্তাসকলক খোৱা পানী যোগান ধৰা কাৰ্যটো সফল হৈ উঠিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...