হাজাৰ চেষ্টা কৰিও ব্ৰন কমাব পৰা নাই : তেন্তে কিয় কৰিব?

0
682

এটা নিৰ্দিষ্ট বয়সত সকলোৰে ব্ৰন বা শালমইনা গালত ওলোৱা দেখা যায়৷ ব্ৰনৰ সমস্যটো এটা সময়ত পৰা নোহোৱা হৈ যায় যদিও এই সমস্যাই কেতিয়াবা ভয়াৱহ ৰূপ লয়৷ বয়ঃসন্ধিৰ পৰা আৰম্ভ কৰি একাধিক ছালৰ সমস্যাৰ বাবে ব্ৰন হ’ব পাৰে৷ দীৰ্ঘকাললৈ এই সমস্যা থাকি গ’লে ছালৰ নানা সমস্যাই দেখা দিব পাৰে৷ সেয়েহে এই ব্ৰন সমস্যাৰ পৰা কেনেদৰে ৰক্ষা পৰিব জানো আহক৷
বহুতেই ব্ৰন হোৱাৰ পাছতে এইটো পিটিকি ফুটাই দিয়ে৷ কিন্তু সঘনাই ব্ৰন স্পৰ্শ কৰাৰ ফলত ইয়াৰ জীৱাণু অন্য ঠাইতো লাগি ছালখনৰ ইনফেক্‌শ্যন হৈ গুৰুতৰ ৰূপ ল’ব পাৰে৷
সঘনাই ৰূপচৰ্চাৰ সামগ্ৰী সলনি কৰাৰ ফলত ছালখনত ইয়াৰ বেয়া প্ৰভাৱ পৰে৷ বিশেষকৈ বজাৰত পোৱা বিভিন্নধৰণৰ প্ৰসাধন সামগ্ৰী একেলগে ব্যৱহাৰ কৰাৰ ফলত ছালৰ অপকাৰ হয় অত্যধিক ব্ৰন ওলোৱা, ছালৰ সংক্ৰমণ আদি হ’ব পাৰে৷
ছালৰ যত্নৰ বাবে বিভিন্ন মইশ্বৰাইজাৰ, ক্লিনজাৰ বা এক্সফলিয়েটৰ আদ ব্যৱহাৰ কৰা হয়৷ ছালৰ আৰ্দ্ৰতা বজাই ৰখা বা ছালৰ ময়লা দূৰ কৰাত এইবোৰ বেছ কাৰ্যকৰী৷ কিন্তু এইবোৰ প্ৰসাধনিক সামগ্ৰীৰ পৰিমাণ বেছি হৈ গ’লে ইয়াৰ উপদানবোৰে ব্ৰন মাত্ৰা বঢ়াই দিয়ে৷
অতিৰিক্ত তেলজাতীয় বস্তু, মছলাযুক্ত খাদ্য, অলস জীৱন-যাপন, হৰমনৰ ভাৰসাম্য নোহোৱা, অনিদ্ৰা বা টোপনি ক্ষতি আদি বিভিন্ন কাৰণত ব্ৰনৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে এইধৰণৰ খাদ্যবস্তুবোৰ কমাই দিয়াই ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here