Home Beauty Plus বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?


বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা সমাধানৰ বাবে বেচনৰ পেক বিশেষভাৱে কাৰ্যকৰী৷ ছালৰ সুৰক্ষা তথা সৌন্দৰ্য অটটু থাকিবলৈ বেচন কিদৰে ব্যৱহাৰ কৰিব সেই বিষয়ে অলপ জানক৷ সাধাৰণতে ঘৰুৱা উপায় হিচাপে বেচনৰ সৈতে অলপ হালধি আৰু দৈ মিহলাই এটা পেক প্ৰস্তুত কৰি ল’ব৷ এই ফেচমাস্ক মুখ বা ছালৰ ব্যৱহাৰ কৰিলে এক্সফোলিয়েশ্যন আৰু ক্লিনজিঙৰ দুই ধৰণে কাম কৰে৷ ছালৰ মৃতকোষ নিমূৰ্ল কৰাত এই ফেচপেকৰ বিকল্প আৰু একো হ’ব নোৱাৰে৷ কিন্তু মুখৰ যত্নৰ সমান্তৰালভাৱে চুলিৰ যত্নৰ বাবেও বেচনৰ মাস্ক এটা ভাল উপায়৷ বতাহ, ধূলি আৱহাৱাৰ পৰিৱৰ্তনৰ বাবে ছালখনৰ লগতে চুলিৰ ওপৰতো প্ৰভাৱ পৰে৷ বিশেষকৈ বসন্তকালত চুলিকোছাৰ ক্ষতি সাধন কৰে৷ চুলি সৰা, চুলিৰ উফি, চুলিৰ ৰুক্ষতা আদি দুগুণে বাঢ়ি যায়৷ আনহাতে মূৰৰ ছাল তৈলাক্ত হ’লে উফিৰ সমস্যাৰ পৰা মুক্তি পাবলৈ কঠিন হৈ পৰে৷ সেয়েহে মূৰৰ উফি, চুলি সৰা আদি সমস্যাৰ বাবে বেচনৰ হেয়াৰ মাস্ক সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পোৱা যায়৷ এই হেয়াৰ মাস্কে চুলি সৰা, উফি, চুলি নতুনকৈ গজা, চুলি ঘন-ক’লা আদি কৰাত সহায় কৰে৷
ইয়াৰ বাবে এঠা পাত্ৰত বেচন, হেয়াৰ অইল আৰু দৈ একেলগে লৈ ভালদৰে এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো মূৰত ভালদৰে সানি পাছত কিছুসময় মাচাজ কৰিব৷ কমেও আধা ঘণ্টা মাচাজ কৰাৰ পাছত কুহুমীয়া পানী আৰু ছালফেট মুক্ত ছেম্পুৱে চুলিখিনি ভালদৰে ধুই দিব৷ এইদৰে এসপ্তাহত কৰিলে চুলিখিনিয়ে ভাল ফল লাভ কৰিব৷
আনহাতে অকল বেচন আৰু পানীৰে এটা হেয়াৰ পেক মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো পাতলকৈ চুলি লগাই কমেও ১০ মিনিটমান ৰাখি পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই দিব৷ এই পেক ব্যৱহাৰ কৰাৰ ফলত চুলিৰ গুৰিবোৰ পৰিষ্কাৰ হোৱাৰ লগতে গুৰিবোৰ নৰম আৰু চকচকীয়া হৈ উঠে৷ উফিৰ পৰা মুক্তি পোৱাত এই পেকটোৱে যথেষ্ট সহায় কৰে৷
বেচন, মৌ, নাৰিকল তেল আৰু পানীৰে ভালদৰে এটা মিশ্ৰণ প্ৰস্তুত কৰিব৷ এই হেয়াৰ পেকটো ছেম্পু হিচাপে চুলিত ব্যৱহাৰ কৰিব পাৰে৷ মিশ্ৰণটো চুলিত ১০ মিনিটমান লগোৱাৰ পাছত ভালদৰে ধুই দিব৷ এইদৰে এসপ্তাহমান কৰিলেও চুলিখিনিক পুষ্টি যোগোৱাৰ লগতে চুলি ঘন, ক’লা আৰু মজবুত হোৱাত সহায় কৰিব৷

Most Popular

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...

বিশাল অট্টালিকাৰ ভৰে বছৰিদুই মিঃমিঃলৈ বহাইছে নিউয়ৰ্কক

নিউয়ৰ্ক চহৰখন বছৰি অহৰহ তললৈ বহি যাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল মহানগৰখনত বছৰি ক্ৰমবৰ্ধমান গতিত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাটো৷...

পাইলটলৈ প্ৰত্যাহ্বান : কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা উৰিব বিমান

বৰ্তমান যুগটোক বহুতেই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ বুলি ক’বলৈ লৈছে৷ ইয়াৰ কাৰণ হ’ল বিভিন্ন ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে কৃত্ৰিম বুদ্ধিমত্তাক৷ শেহতীয়াকৈ...