Home Daily news বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতেকটন বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তি

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতেকটন বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তি

কৰ্কট ৰোগ আৰু অন্যান্য সহযোগী চিকিৎসা সম্পৰ্কীয় ক্ষেত্ৰত প্ৰশিক্ষণ আৰু গৱেষণা আৰম্ভ আৰু শক্তিশালী কৰাৰ বাবে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটীস্থিত ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে অলপতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ এই স্বাক্ষৰ-পত্ৰখনত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইণ্টাৰ্নশ্বিপকে ধৰি গৱেষণা আৰু বিকাশৰ যুটীয়া আৰু দ্বৈত কাৰ্যসূচীৰ জৰিয়তে গৱেষণাৰ আদান-প্ৰদানৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে যুটীয়াভাৱে আলোচনা-চক্ৰ, সন্মিলন বা কৰ্মশালা আয়োজন কৰা; গৱেষণা আৰু শিক্ষাদানত অনুষদৰ সদস্যসকলৰ আন্তঃপ্ৰাতিষ্ঠানিক আদান-প্ৰদান, শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে পুথিভঁৰালৰ সুবিধাসহ প্ৰতিষ্ঠানগত সুবিধাৰ আদান-প্ৰদান, পুঁজি সংস্থাসমূহক দাখিল কৰাৰ বাবে যুটীয়া গৱেষণা প্ৰকল্পৰ প্ৰস্তাৱ বিকশিত কৰা ইত্যাদি৷ এই বুজাবুজিৰ চুক্তিখন প্ৰথম পৰ্যায়ত পাঁচ বছৰৰ বাবে বৈধ হ’ব, পৰৱৰ্তী পৰ্যায়ত সংশোধন, নবীকৰণ বা সম্প্ৰসাৰিত কৰিব পৰা যাব৷ চুক্তিখনত বি বি চি আইৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী আৰু কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতাই স্বাক্ষৰ প্ৰদান কৰে৷ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কাৰ্যসূচীত ডাঃ বিভূতি ভূষণ বৰঠাকুৰ, ডাঃ দেৱব্ৰত বৰ্মন, ডাঃ অপূৰ্ব কুমাৰ কলিতা, ডাঃ মিনতি বৰঠাকুৰ, অধ্যাপক মহাদেৱ পাটগিৰী, অধ্যাপক জীৱন জ্যোতি দাসকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...