দেশত ভেজাল ঔষধৰ বিৰুদ্ধেকেন্দ্ৰই চলাব জোৰদাৰ অভিযান

0
154

দেশজুৰি ঔষধৰ ৰমৰমীয়া ভেজাল ব্যৱসায় চলি আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে ৰোগী তথা জনসাধাৰণে৷ নকল তথা ভেজাল দৰব সেৱন কৰি ৰোগ নিৰাময়তো দূৰৰে কথা, আনকি ইয়াৰ পাশ্বৰ্ক্ৰিয়া হিচাপে শৰীৰত নানা বিসংগতিয়ে দেখা দিছে৷ দেশৰ ভেজাল ঔষধৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ এইবাৰ কেন্দ্ৰই সংকল্পবদ্ধ হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে নকল তথা ভেজাল দৰবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে টঙালি বান্ধিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয় এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বিভাগৰ ছটা দলে ঔষধ প্ৰস্তুতকৰণ সংস্থাসমূহত নিৰীক্ষণ আৰু তালাচী চলাব৷ কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এই কামত সহযোগ কৰিব ৰাজ্য চৰকাৰসমূহে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত চেণ্ট্ৰেল ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে সম্পূৰ্ণ নজৰত ৰাখিব৷ কেন্দ্ৰীয় চৰকাৰে দেশ তথা বিদেশত থকা ভাৰতীয় কোম্পানীসমূহত ভেজাল ঔষধ বন্ধ কৰিবলৈ এইদৰে তৎপৰ হোৱা দেখা গৈছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ফালৰ পৰা ভেজাল ঔষধৰ বিৰুদ্ধে এয়া ছাৰ্জিকেল ষ্ট্ৰাইক বুলি অভিহিত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here