Home Daily news বিশ্ব বেংকৰ ভৱিষ্যদ্বাণী : শ্ৰীলংকাৰ লেখীয়া হ’ব নেকি ভাৰতৰ অৱস্থা?

বিশ্ব বেংকৰ ভৱিষ্যদ্বাণী : শ্ৰীলংকাৰ লেখীয়া হ’ব নেকি ভাৰতৰ অৱস্থা?


অভাৱনীয় দাম বৃদ্ধিয়ে শংকিত কৰি তুলিছে সাধাৰণ জনতাক৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি লোহা, চিমেণ্টলৈকে যি গতিত প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে, তালৈ চাই অনাগত দিনত ভাৰততো শ্ৰীলংকা, পাকিস্তানৰ দৰেই পৰিস্থিতি সৃষ্টি হ’ব নেকি, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে৷ এফালে দৈনিক নিবনুৱাৰ লগতে দৰিদ্ৰ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আনফালে আকৌ দেউলীয়া হোৱা ৰাজহুৱা প্ৰতিষ্ঠানৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে৷ দেশৰ এই শোচনীয় আৰ্থিক অৱস্থাৰ পাছত ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ তথ্য অনুসৰি নিবনুৱা সমস্যাই এতিয়া দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ দেশত চাকৰি নোপোৱা লোকৰ সংখ্যা হৈছে এতিয়া ৮.৩ শতাংশ৷ একেদৰে দেশত দুখীয়া লোকৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ ফলত অনাগত দিনত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ বিশ্ব বেংকৰ ভৱিষ্যদ্বাণী অনুসৰি অহা ২০৩০ চনলৈ ভাৰতৰ ৫০ শতাংশ অৰ্থাৎ প্ৰায় ৭০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পৰিব৷ ২০২২ বৰ্ষৰ বিশ্বৰ ১২১খন দেশৰ ভিতৰত ক্ষুধাৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে ১০৭৷ ইফালে দেশত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ বৃদ্ধিয়ে এতিয়া সকলোকে উদ্বিগ্ন কৰিতুলিছে৷ ২০২৩ চনত ভাৰতে চীনক অতিক্ৰম কৰি সৰ্বাধিক জনসংখ্যাৰ দেশৰ অনাকাংক্ষিত মৰ্যাদা অৰ্জন কৰিব৷ ইতিমধ্যে জনসংখ্যাৰ হেঁচাত কেইবাখনো দেশৰ অৰ্থনৈতিক স্থিতি বিপৰ্যস্ত হৈ পৰিছে৷ তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দেশত দুখীয়া লোকৰ উপাৰ্জন প্ৰায় ৫০ শতাংশ কমিছে৷ একে বৰ্ষতে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তৰ উপাৰ্জন প্ৰায় ৪০ শতাংশ কমিছে৷ ইয়াৰ বিপীৰতে কিন্তু ধনী লোকৰ উপাৰ্জন ৩৯ শতাংশ বৃদ্ধি হৈছে৷ এনে পৰিস্থিতিত যি গতিত দেশত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে, তাৰ ফলত সাধাৰণ লোকৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে৷ এনে ধৰণৰ তথ্যসমূহে দেশৰ বিত্তীয় অৱস্থা যে শোচনীয়, সেই কথাকে স্পষ্ট কৰি তুলিছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...