অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পাৰকিনছন ৰোগৰ চিকিৎসা : ক’ত?

0
301


Deep Brain Stimulation (DBS) হ’ল স্নায়ুৰোগ আৰু গতিবিধি বিকাৰত ভোগা ৰোগী যেনে– Essential Tremor, Parkinson’ disease, Dystonia, Obsessive Compulsive Disorder আৰু epilepsy-ৰ দৰে ৰোগৰ অতি ভাল তথা কম খৰচী অস্ত্ৰোপচাৰ৷ এপল’ হস্পিটেল, চেন্নাইত অলপতে ৰোগীৰ সজ্ঞানতা ঘূৰাই অনাৰ ক্ষেত্ৰত প্ৰথমটো neurostimulator device সংৰোপণ সম্পন্ন কৰে, যিয়ে মগজুৰ নিৰ্দেশ ধৰা পেলাব পাৰে৷ এই device-ৰ সহায়ত চিকিৎসকে পাৰকিনছন ৰোগত ভোগা ৰোগীক উপযুক্ত Deep Brain Stimulation চিকিৎসা আগবঢ়াব পাৰে৷ ৫০ বছৰীয়া উক্ত ৰোগীজন যোৱা ন বছৰ ধৰি পাৰকিনছন ৰোগত ভুগি আছিল৷ এপল’ হস্পিটেলৰ স্নায়ু আৰু গতিবিধি বিকাৰ বিশেষজ্ঞ ডাঃ বিজয় শংকৰৰ মতে, পাৰকিনছন ৰোগৰ সমস্যা হ’ল ই অতি কম সময়ৰ ভিতৰতে ৰোগীক ক্ষতিগ্ৰস্ত কৰি তোলে আৰু এনে ক্ষেত্ৰত ৰোগীজনক আমাৰ সকলোৰে সহায়ৰ প্ৰয়োজন হয়৷ Deep Brain Stimulation (DBS) হ’ল স্নায়ুৰোগ বিভাগৰ পাৰকিনছন ৰোগৰ এটা চিকিৎসা পদ্ধতি ৷ যদিহে ঔষধে কাম নিদিয়ে, তেতিয়া ৰোগীজনক অন্য পাশ্বৰ্ক্ৰিয়াৰ পৰা ৰক্ষা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়৷ নতুন Deep Brain Stimulation (DBS) পদ্ধতিয়ে Deep Brain Stimulationৰ পৰিসৰ আৰু প্ৰকাৰ সংকুচিত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here