কেঁচা বুটৰ উপকাৰিতাজানিলে আচৰিত হ’ব

0
195


বুট আমাৰ সকলোৰে পৰিচিত এবিধ খাদ্য৷ অসমীয়া সমাজত বুটৰ সমাদৰ যথেষ্ট৷ কিয়নো মাংগলিক কাৰ্যত বুটৰ প্ৰসাদ নহ’লে সকলো অসম্পূৰ্ণ৷ বুট প্ৰধানকৈ কেঁচাই কেঁচাই খোৱাই বেছিকৈ হয় যদিও ঘুগুণি, তৰকাৰী, বুট ভাজি আদি বিভিন্ন প্ৰকাৰে খোৱা হয়৷ বুটে শৰীৰত এণ্টিবায়’টিকৰ সৃষ্টি কৰে৷ যিকোনো ৰোগৰ প্ৰতিৰোধ তথা ৰোগৰ সৈতে যুঁজ দিব পৰা ক্ষমতা বুটৰ পৰা পাব পাৰি৷ বুটে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি শৰীৰ শক্তিশালী কৰি ৰাখে৷ বুটে পাচন প্ৰক্ৰিয়া উন্নত কৰি হজম ক্ষমতা বৃদ্ধি সহায় কৰে৷ যিসকলে কোষ্ঠকাঠিন্যৰ সমস্যা, শৌচ খোলোচা নোহোৱা অৱস্থা হয়, বুট খালে সুফল পোৱা যায়৷ ৰাতি তিয়াই ৰখা বুট খালী পেটত গুৰৰ লগত খালে খীন শৰীৰ শকত আৰু শৰীৰ উচ্ছতা বৃদ্ধিত সহায় কৰে৷ খালী পেটত বুট খালে কৃমিজনিত ৰোগ নোহোৱা হয়৷ খৰ-খজুৱতি, তেজৰ দোষ আদি সমস্যা থাকিলে বুটৰ আটা খালে উক্ত সমস্যা নিৰায়ম হয়৷ ভোগ সহ্য কৰব নোৱৰা বা অত্যধিক ভোগ থকা লোকসকলে বুট তিয়াই থৈ তাৰ পানীখিনি পুৱা সেৱন কৰিলে সুফল পাব৷ আনহাতে বুট তিওঁৱা পানী খালে বমি ভাব নোহোৱা হয়৷ মূৰৰ বিষ হ’লে কেঁচা বুট ৰস সেৱন কৰিলে ভাল হয়৷ শ্বাস-প্ৰশ্বাসৰ সমস্যা থাকিলে নিয়মিতভাৱে কেঁচা বুট খালে এই সমস্যা নিৰাময় হয়৷ ৰক্তপিত্ত ৰোগ নিৰ্মূলত বুটে যথেষ্ট অৰিহণা যোগায়৷ দাঁতৰ পাৰি ফুলিলে বুট সিজাই সেই পানীৰে মুখ কুলকুল কৰিলে সুফল পাব৷ বুট ভিজোৱা পানীয়ে শৰীৰৰ দুৰ্বল ভাব নাইকিয়া কৰি শৰীৰক শক্তিৰ যোগান ধৰে৷ নাকেৰে তেজ ওলোৱা সমস্যা থাকিলে বুট সিজাই খালে নোহোৱা হয়৷ বুটে খাদ্যনলীত থকা ক্ষতিকাৰক জীৱাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ যৌনশক্তি বৃদ্ধিত বুটে যথেষ্ট অৰিহণা যোগায়৷ হাত-ভৰিৰ জ্বলা পোৱা সমস্যা নোহোৱা কৰিবলৈ নিয়মিতভাৱে বুট খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here