Home Daily news বিশ্বত অধিক লোক স্থানচ্যুত হ’ব : কোনে ক’লে ?

বিশ্বত অধিক লোক স্থানচ্যুত হ’ব : কোনে ক’লে ?

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা ইউ এন এইচ চি আৰৰ মুৰব্বী ফিলিপ্প’ গ্ৰাণ্ডিয়ে কয় যে ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে দেখা দিয়া খাদ্য নিৰাপত্তাৰ সংকটৰ কাৰণে দুখীয়া দেশবোৰৰ অধিক লোক তেওঁলোকৰ ঘৰ-বাৰী এৰি পলাই যাবলৈ বাধ্য হৈছে আৰু ফলত আন্তঃৰাষ্ট্ৰীয় স্থানচ্যুতি অভিলেখ পৰ্যায়লৈ উঠিছে৷ 
সংগঠনটোৰ এখন প্ৰতিবেদনত কোৱা হয় যে বিবাদ, অত্যাচাৰ, ভাবুকি, হিংসাত্মক ঘটনা আদিৰ কাৰণে ২০২১ চনৰ শেষত সমগ্ৰ বিশ্বত ৮ কোটি ৯৩ লাখ লোক স্থানচ্যুত হ’বলৈ বাধ্য হৈছিল৷ তেতিয়াৰ পৰা আন বহু লাখ লোক ইউক্ৰেইনৰ পৰা পলাই গৈছে বা দেশখনৰ ভিতৰতে স্থানচ্যুত হৈছে৷ 
শস্যৰ ৰপ্তানি বিভিন্ন দেশে বন্ধ কৰি দিয়াৰ কাৰণে দাম বঢ়াত আৰু অধিক লোক আন বিভিন্ন দেশত স্থানচ্যুত হ’ব৷ ইউ এন এইচ চি আৰে কয় যে স্থানচ্যুত লোকৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি আছে৷ স্থানচ্যুত লোকৰ সংখ্যা ২০১২ চনত আছিল ৪২.৭ মিলিয়ন কিন্তু এতিয়া তাৰ দুগুণতকৈও বেছি হ’ল৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...