বিশ্বত অধিক লোক স্থানচ্যুত হ’ব : কোনে ক’লে ?

0
204

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা ইউ এন এইচ চি আৰৰ মুৰব্বী ফিলিপ্প’ গ্ৰাণ্ডিয়ে কয় যে ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে দেখা দিয়া খাদ্য নিৰাপত্তাৰ সংকটৰ কাৰণে দুখীয়া দেশবোৰৰ অধিক লোক তেওঁলোকৰ ঘৰ-বাৰী এৰি পলাই যাবলৈ বাধ্য হৈছে আৰু ফলত আন্তঃৰাষ্ট্ৰীয় স্থানচ্যুতি অভিলেখ পৰ্যায়লৈ উঠিছে৷
সংগঠনটোৰ এখন প্ৰতিবেদনত কোৱা হয় যে বিবাদ, অত্যাচাৰ, ভাবুকি, হিংসাত্মক ঘটনা আদিৰ কাৰণে ২০২১ চনৰ শেষত সমগ্ৰ বিশ্বত ৮ কোটি ৯৩ লাখ লোক স্থানচ্যুত হ’বলৈ বাধ্য হৈছিল৷ 
তেতিয়াৰ পৰা আন বহু লাখ লোক ইউক্ৰেইনৰ পৰা পলাই গৈছে বা দেশখনৰ ভিতৰতে স্থানচ্যুত হৈছে৷ শস্যৰ ৰপ্তানি বিভিন্ন দেশে বন্ধ কৰি দিয়াৰ কাৰণে দাম বঢ়াত আৰু অধিক লোক আন বিভিন্ন দেশত স্থানচ্যুত হ’ব৷ ইউ এন এইচ চি আৰে কয় যে স্থানচ্যুত লোকৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি আছে৷ স্থানচ্যুত লোকৰ সংখ্যা ২০১২ চনত আছিল ৪২.৭ মিলিয়ন কিন্তু এতিয়া তাৰ দুগুণতকৈও বেছি হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here