বানাক্ৰান্ত অঞ্চলত পানী শুকুওৱাৰ পাছত কিদৰে সাৱধানতা অৱলম্বন কৰিব ?

0
330


বছৰৰ দ্বিতীয়টো সংহাৰী বানত বন্যাৰ্ত ৰাইজৰ জীৱন যাত্ৰা দুঃসহনীয় হৈ পৰিছে৷ থানবান হৈ হৈছে বানাক্ৰান্ত লোকৰ জীৱন-জীৱিকাৰ সকলো আশা৷ সকলো হেৰুৱাই এতিয়া সৰ্বস্তান্ত হৈ অসহায় জীৱন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰী সাহায্য পাইছে যদিও সেয়া কিমান দিনলৈ পাই থাকে তাৰ কোনো নি(য়তা নাই৷ বন্যাৰ্তৰ দুখ এতিয়া কুলাই-পাচিয়ে নধৰা হৈছে৷ নাজল-নাথল অৱস্থান সন্মুখীন হৈ এইসকল লোক৷ বানত সকলো হেৰুৱাই বহু লোকে এতিয়াও আশ্ৰয় শিবিৰতে বাস কৰি আছে৷ নিজৰ সপোনৰ ঘৰখন নিমিষতে বানে উটুৱাই নিয়াত ফলত এতিয়া এই লোকসকলে পানী শুকুওৱাৰ পাছত ক’লৈ যাব, ক’ত থাকিব এইলৈও অনিশ্চয়তাই দেখা দিয়ে৷ ৰাজ্যত যোৱা দুদিনত বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও এতিয়াও বানাক্ৰান্ত অঞ্চলসমূহ বাসোপযোগী পৰিৱেশ হোৱা নাই৷ বানপানী শুকোৱাৰ পাছত এতিয়া আকৌ ভূতৰ ওপৰত দাহত পৰাদি বিভিন্ন মহামাৰী ৰোগে দেখা দিব পাৰে ৷ গতিকে এইবোৰৰ পৰা ৰক্ষা পাবলৈ বন্যাৰ্ত ৰাইজে আগতীয়াকৈ কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ৷ এনে সাৱধানতাৰ ফলত বানৰ পাছত কোনোধৰণৰ বিঘিনিয়ে যাতে দেখা নিদিয়ে, সেয়ে অত্যন্ত সাৱধান হওক এইবোৰ দিশলৈ৷
বানপানী শুকুওৱাৰ ফলত সেই অঞ্চলত প্ৰধানকৈ পানী সেৱন কৰোঁতে গুৰুত্ব দিব৷ কাৰণ কুঁৱা, দমকল আদি বহুদিনলৈ পানীত ডুব গৈ থকাৰ ফলত সেই পানী খোৱাৰ উপযোগী গৈ নাথাকে৷ বিভিন্ন বেক্টেৰিয়া, ভেঁকুৰ আদি সেই পানীত মিহলি হৈ থাকি আপোনাৰ অনিষ্ট কৰিব পাৰে৷ সেয়ে কুঁৱা, দমকল আদিত ব্লিছিং পাউডাৰ বা তেনে কীটনাশক দৰব ছটিয়াই সেই পানী উতলাই বিশুদ্ধ কৰিহে সেৱন কৰিব৷
পানী নোহোৱা হোৱাৰ পাছত সেই অঞ্চলত কলেৰা, হাইজা, গ্ৰহণী আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে৷ সেয়ে খাদ্য সেৱন কৰোঁতে সাৱধানতা অৱলম্বন কৰক৷ সকলো বস্তু ভালদৰে নিৰীক্ষণ কৰি, সিজাই খোৱাৰ উপযোগী কৰি তোলক৷
আপোনাৰ ঘৰৰ আচবাব পত্ৰ, পাকঘৰৰ বাচন-বৰ্তন আদি ভালদৰে পানীত উতলাইহে ব্যৱহাৰ কৰক৷
পিন্ধা কাপোৰ কানি, বিছনাৰ সকলোবোৰ ভালদৰে ধুই-মেলিহে ব্যৱহাৰ কৰিব৷
ইয়াৰ বাহিৰেও ঘৰৰ চৌহদ, নলা-নৰ্দমাত জমা হোৱা আৱৰ্জনা, গেদ আদি পৰিষ্কাৰ কৰি তাত ব্লিছিং পাউডাৰ, ফেলাইল আদি ছটিয়াওক৷ নহ’লে জমা হোৱা আৱৰ্জনাত মহ-মাখিয়ে বংশবৃদ্ধি কৰি আপোনাৰ অনিষ্ট কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here