Home Daily news বিশুদ্ধ খোৱাপানীৰ নামতআপুনি কি খাইছে জনাটো প্ৰয়োজন

বিশুদ্ধ খোৱাপানীৰ নামতআপুনি কি খাইছে জনাটো প্ৰয়োজন


এটুপি খোৱাপানীৰ নামত আপুনি কি খাইছে? যদি বজাৰৰ পৰা মিনাৰেল ৱাটাৰৰ বটলৰ পানী ক্ৰয় কৰি আপুনি ভালকৈ পৰীক্ষা কৰি চাই খোৱা নাই তেন্তে আপোনাৰ বিপদ অনিবাৰ্য৷ কাৰণ এটুপি বিশুদ্ধ খোৱাপানীৰ নামত এতিয়া বজাৰত বিক্ৰী হৈ আছে লেতেৰা দ্ৰব্য মিহলি হৈ থকা শেলাই জাতীয় কিছুমান সামগ্ৰী৷ যাৰ ফলত এই পানী খোৱাৰ পাছতে যিকোনো লোক অসুস্থ হৈ পৰিব পাৰে৷ বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ খুৱাইছে একাংশ পানীৰ কোম্পানীয়ে৷ দোকানৰ পৰা ক্ৰয় কৰা মিনাৰেল ৱাটাৰ নামধাৰী বটলবোৰৰ খোৱাপানীৰ সন্দৰ্ভত বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ কাৰণ কোম্পানীৰ বিশুদ্ধ খোৱাপানীৰ বটলৰ পানীৰ বটলত সময়ে-সময়ে উদ্ধাৰ হৈ আহিছে পোক আৰু শেলুৱৈ মিশ্ৰিত লেতেৰা পানী৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰত এতিয়া কাঠফুলাৰ দৰে গজি উঠিছে অসংখ্য খোৱাপানীৰ উদ্যোগ৷ কাৰণ কেৱল গুৱাহাটীতে দৈনিক প্ৰায় ১৫ লাখ পানীৰ বটল বিক্ৰী হয়৷ ২০০ মিলিঃ লিটাৰৰ পৰা ২০ লিটাৰলৈকে বিভিন্ন আকাৰৰ পানী বটল এতিয়া মহানগৰৰ বজাৰত উপলব্ধ৷ উল্লেখ্য যে মহানগৰত নূন্যতম পৰিমাণৰ খোৱাপানীও চৰকাৰৰ আঁচনিয়ে দিব পৰা নাই৷ ফলত অসাধু চক্ৰই আৰম্ভ কৰিছে পানীৰ ব্যৱসায়৷ অত্যধিক দৰত মহানগৰীৰ লোকে পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগা হৈছে৷ কিন্তু বিশুদ্ধ খোৱাপানীৰ নামত মানুহৰ জীৱনক লৈ কোম্পানীবোৰে কিদৰে হেতালি খেলিছে সেয়া পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা স্বাস্থ্য বিভাগৰ নাই৷ যাৰ সুবিধা গ্ৰহণ কৰি একাংশ কোম্পানীয়ে লেবেল আৰু ছীল ব্যৱহাৰ কৰি তাৰ ভিতৰত জেনেৰেল ফিল্টাৰৰ পানী ভৰোৱাৰ অভিযোগ আহিছে৷ এনে বহু অবৈধ উদ্যোগ এতিয়া গুৱাহাটীৰ য’তে-ত’তে গঢ় লৈ উঠিছে৷ বিশুদ্ধ খোৱাপানীৰ নামত কোম্পানীবোৰে জনসাধৰণক বৰবিহ খুওৱা বিষয়টো সংশ্লিষ্ট বিভাগৰ কেতিয়ালৈ চকুত পৰিব সেইক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি হৈছে৷শেহতীয়াকৈ গুৱাহাটীৰ পানীখোৱাৰ উপযোগী নহয় বুলি ভয়ংকৰ তথ্য প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে৷ নতুন দিল্লীকে ধৰি ২০খন ৰাজ্যিক ৰাজধানীৰ খোৱাপানীৰ গুণগত মানৰ সন্দৰ্ভত চলোৱা এক অধ্যয়নৰ সবিশেষ দাঙি ধৰি কেন্দ্ৰীয় মন্ত্ৰী পাছোৱানে গুৱাহাটীৰ খোৱাপানীৰ মুঠ দহটা স্থানত নমুনা পৰীক্ষা কৰা হৈছিল আৰু উক্ত দহোটা স্থানৰে পানী খোৱাৰ উপযোগী নহয় বুলি প্ৰমাণিত হৈছে বুলি উল্লেখ কৰিছিল৷ মন কৰিবলগীয়া যে প্ৰটোজোয়া, ভাইৰাছ, বেক্টেৰিয়া আৰু অন্ত্ৰৰ পৰজীৱীৰ দৰে ৰোগজনক অণুজীৱৰ দ্বাৰা দুষিত খোৱাপানীৰ ফলতেই ভিন্ন ৰোগ সংক্ৰমিত হয়৷ এই দুষিত পানী সেৱনৰ বাবেই কলেৰা, টাইফইড, ডায়েৰিয়া, হেপাটাইটিছ এ আদিৰ দৰে ৰোগৰ সৃষ্টি হয়৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...